মাজুলীত ধুমুহাৰ ফলত ছাত্ৰ ছাত্ৰীৰ কিতাপ বহী বিনষ্টমাজুলীত ধুমুহাৰ বিস্তাৰ ক্ষতি : ভোৰামৰাৰ দুখীয়া দুটা পৰিয়াল গৃহহীন : নিমিষতে ভাগি পৰিল আপোন ঘৰখন 

----------------------------------------------------------------

আজি প্ৰায় ৩ মান বজাত অহা এজাক প্ৰলংকাৰী ধুমুহাই পূৱ মাজুলী আৰু উজনি মাজুলীৰ বিভিন্ন অঞ্চলত তাণ্ডৱ চলাই বহু দুখিয়াৰ আপোন ঘৰ খন তচনচ হৈ পৰে ৷বিশেষকৈ উজনিৰ গৰৈমাৰী , ৰতনপুৰ , গায়নগাঁও, ৰতনপুৰ , অভয়পুৰীয়া , ভোৰামৰা , পহুমৰা কলিতাগাঁও, পতিয়ৰি আদিকে ধৰিপ্ৰায় কুৰিৰো অধিক গাঁৱৰ জনসাধাৰণৰ ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰে ৷ প্ৰকাণ্ড প্ৰকাণ্ড গছ ৰাজপথত উভালি পৰাত আজি উজনি মাজুলীৰ ফুলনি -বনগাঁৱৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰা পৰিলক্ষিত হয় ৷ ইফালে প্ৰকৃতিৰ কাল ৰূপে গৃহহীনা কৰিলে মাজুলীৰ ১ নং ভোৰামৰাৰ অজিত বৰা আৰু চন্দ্ৰ ভূঞাৰ পৰিয়ালক ৷ গাঁও খনৰ ডিম্বেশ্বৰ বৰাৰ গোহালিঘৰত প্ৰকাণ্ড আমগছ পৰি বিধস্ত হয় ৷ কোনোমতে ৰক্ষা পৰে পশুধন কেইটা ৷ ইফালে চাৰিবছৰীয়া কনমানি সহ পিতৃ-মাতৃয়ে বিচনাৰ তলত সোমাই কোনোমতে অজিত বৰাৰ পৰিয়ালে , বেৰকাটি পলাই চন্দ্ৰ ভূঞাৰ পৰিয়ালে বচালে নিজৰ জীৱন ৷ তাৰ সমান্তৰালভাৱে পহুমৰা কলিতা গাঁৱৰ - জগত মুদৈ , প্ৰবিন মুদৈ , নগেন বৰা, শান্তিৰাম বৰা , মানীয়া বৰা ,ভোগেশ্বৰ বৰা , লিলাধৰ শইকীয়াৰ ঘৰৰ টিঙপাত , কেইবাঘৰৰ গোহালিঘৰ আৰু ভৰালঘৰ ভাঙী বিধস্ত কৰি তুলে ৷ ইয়াৰ ওপৰিও উজনিৰ কুৰি খনৰো অধিক গাঁৱৰ শতাধিক পৰিয়ালৰ ব্যাপক ক্ষতিগ্ৰস্ত হয় ৷ ইয়াৰ ওপৰিও ফুলনি , বেচামৰা , বাঘপাম , আদিকে ধৰি বহু গাঁৱৰ দুখিয়া , দুৰ্ভগীয়া পৰিয়ালৰ অৱস্থা দুখজনক কৰি তুলে ৷ আৱাসগৃহ , গোহালি, ভৰালঘৰ আদিৰ বিধস্ত অৱস্থাই চিন্তাত পেলাইছে শতাধিক পৰিয়ালক ৷ আনহাতে বহু স্থানত বিদুৎৰ খোটা , তাৰ আদি বিছিন্ন হোৱালৈ লক্ষ্য কৰি এদিন/দুদিন ধৰি উজনি মাজুলীৰ বহু গাঁৱৰ ৰাইজে অন্ধকাৰৰ মাজত চাকী , ম'মৰ পোহৰত দিন অতিবাহিত কৰিব লগা হব বুলি ধাৰনা কৰিব পাৰি ।