দৰঙত বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ পষেকৰ শুভ উদ্বোধনী অনুষ্ঠান*

মঙলদৈ,১৫ জুলাই':ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে আজি দৰঙতো আয়োজন কৰা হয় বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ পষেকৰ কাৰ্য্যসূচী। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত এই পষেকজোৰা কাৰ্য্যসূচী আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে দৰঙৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ হৰপল সিং সুৰীয়ে।অনুষ্ঠান উদ্ধোধন কৰি তেওঁ কয় যে ডায়েৰিয়া সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে অনুষ্ঠিত এই কাৰ্য্যসূচী জিলাখনত সফল ভাৱে ৰূপায়িত হলে ডায়েৰিয়াত কোনো শিশু মৃত্যু মুখত নপৰিব।প্ৰতিগৰাকী স্বাস্থ্য কৰ্মীকেই খুব নিষ্ঠা সহকাৰে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।অনুষ্ঠানত অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডাঃ নিৰ্মল কুমাৰ বেৰিয়া, মহকুমা স্বাস্থ্য বিষয়দ্বয় ক্ৰমে ডাঃ বিনোদ চন্দ্ৰ কলিতা আৰু ডাঃ ৰমেশ চন্দ্ৰ গোস্বামী, UNICEF ৰ ৰাজ্যিক পৰ্যায়ৰ বিষয়া ডাঃ স্বৰূপ পট্টনায়ক আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক নয়না পৰাশৰে ভাষণ ৰাখে। জিলা মাধ্যম বিশেষজ্ঞ জাহ্নবী শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত জিলা আৰু খণ্ড পৰ্যায়ৰ মহকুমা স্বাস্থ্য বিষয়া সকলৰ লগতে জিলা আৰু খণ্ড পৰ্যায়ৰ বিষয়া কৰ্মচাৰী, আশা তথা স্বাস্থ্য বিভাগৰ অৰ্ধ শতাধিক লোকে অংশ গ্ৰহন কৰে ।

উল্লেখ্য যে এই বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ পষেকৰ কাৰ্য্যসূচী আজিৰ পৰা ২৯ জুলাইলৈ চলিব।