শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত বিহগুৰিৰ পুঠিমাৰীত ৪০০ ৰ অধিক উদ্যমী মহিলাৰে গঠিত জয়মতী কৃষি উৎপাদক গোটৰ সেউজ বিপ্লৱ । বিহগুৰিৰ পুঠিমাৰী, বাপুভেটি, ন-বিলকে ধৰি ২৫খন গাঁৱৰ উদ্যমী মহিলাসকলে কৃষিৰ জড়িয়তে গঢ়ি তুলিছে অন্যন্য নিদৰ্শন ।

সোমবাৰে জিলা কৃষি বিভাগৰ উদ্যোগত NFSM ( ৰাষ্ট্রীয় খাদ্য সুৰক্ষা অভিযান ) আঁচনিৰ অধীনত আৰু জয়মতী কৃষি উৎপাদক গোটৰ সহযোগত প্ৰায় ৩৫০ বিঘা মাটিত মাটিমাহৰ বীজ সিঁচাৰ শুভাৰম্ভণী কৰা হয় । জিলা কৃষি বিষয়া পংকজ শইকীয়া, APART ৰ বিষয়ববীয়াসকলৰ উপস্থিতিত জয়মতী কৃষি উৎপাদক গোটৰ সম্পাদিকা কমল কুমাৰী বড়োৱে নিজেই ট্ৰেক্টৰ চলাই যান্ত্ৰিক পদ্ধতিৰে মাটি মাহৰ বীজ সিঁচি অন্যান্য মহিলা সকলক উৎসাহিত কৰে । বিগত বৰ্ষত এশ বিঘা মাটিত ৰঙালাও, ৮০০বিঘা মাটিত সৰিয়হ আৰু ২০বিঘা মাটিত আলু খেতি কৰি প্ৰায় ২৫লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা জয়মতী কৃষি উৎপাদক গোটে নবিল গাভৰু কৃষি মহিলা উৎপাদক গোট আৰু জননী কৃষি মহিলা উৎপাদক গোটৰ সহযোগত মহিলাসকলে নিজেই ট্ৰেক্টৰেৰে হাল বাই মাটিমাহৰ খেতি আৰম্ভ কৰিছে । কৃষি উৎপাদক গোটটোৰ চাৰিশ মহিলাই দুগুণ উৎসাহৰে কৃষি কাৰ্য্যত জড়িত হৈ এই বৰ্ষত ৩৫০ বিঘা মাটিত মাটিমাহ,১০০বিঘা মাটিত আলু,২০০০বিঘা মাটিত সৰিয়হ আৰু ১০০০ বিঘা মাটিত ৰঙালাও খেতিৰ কাম আৰম্ভ কৰিছে । সোমবাৰে ন- বিলত ৭০ বিঘা মাটিত জয়মতী কৃষি উৎপাদক গোটৰ সম্পাদিকা কমল কুমাৰী বড়োৱে নিজে ট্ৰেক্টৰ চলাই মাটি মাহৰ বীজ সিঁচাৰ লগতে জিলা কৃষি বিষয়া পংকজ শইকীয়া আৰু কৃষি উৎপাদক গোটৰ অন্যান্য মহিলাসকলে মাটিমাহৰ বীজ সিঁচে । উপস্থিত মহিলাসকলক উন্নত প্রযুক্তিৰে মাটিমাহ খেতি কৰাৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে শোণিতপুৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ৰজি চুতীয়াই । লগতে ট্ৰেক্টৰত zero tillage seed drill লগাই কেনেকৈ মাটিমাহৰ খেতি কৰিব পাৰি এই বিষয়ে প্ৰশিক্ষণ আগবঢ়াই কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ কেন্দ্ৰ, বিশ্বনাথৰ বিষয়াসকলে । অনুষ্ঠানতে ৰাষ্ট্রীয় পোষণ মাহ উপলক্ষে শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত মহিলাসকলক সজাগ কৰাৰ উদ্দেশ্য এখন সজাগতা সভাৰো আয়োজন কৰা হয় । এই সজাগতা অনুষ্ঠানতে শিশু,গৰ্ভৱতী মহিলা, দুগ্ধপান কৰাই থকা মহিলাসকলৰ পৰিপুষ্টি বিকাশৰ বাবে ল'বলগীয়া পদক্ষেপৰ বিষয়ে বিষদ বিৱৰণ আগবঢ়াই কৃষি আঁচনি বিষয়া ৰঞ্জিতা গোস্বামীয়ে ।।