সোণাৰি সাপেখাতিৰ প্ৰজ্ঞানৃত্যম কলাকেন্দ্ৰৰ সফলতা

 গুৱাহাটীৰ শিল্পপ্রগামস্থিত নর্থ ইষ্ট জন কালচাৰেল চেণ্টাৰৰ প্রেক্ষাগৃহত অনুষ্ঠিত তথা সংস্কৃতি সংগ্রাম ২০২২ য়ে আয়োজন কৰা নৃত্য ষষ্ঠ বার্ষিক আন্তঃৰাষ্ট্ৰীয় আৰু দশম ৰাষ্ট্ৰীয় পৰ্যায়ৰ কলা , লোকবাদ্য , যোগ , গীত আৰু প্রতিযোগিতাৰ আয়োজন স্থলীত চৰাইদেউ জিলাৰ প্ৰজ্ঞা নৃত্যম কলাকেন্দ্রই অংশগ্ৰহণ কৰি সফলতা আঁজুৰি আনিবলৈ সক্ষম হয় । অনুষ্ঠানত প্রজ্ঞা নৃত্যমৰ পৰিচালিকা পৰশমণি বৰাই আন্তঃৰাষ্ট্ৰীয় শাস্ত্ৰীয় নৃত্য শিৰোমণি সন্মান লাভ কৰাৰ লগতে বিদ্যালয়খনিৰ ছাত্ৰ - ছাত্ৰীয়ে দলীয় লোকনৃত্যত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে । আনহাতে কনিষ্ঠ শাখাত বিহু নৃত্যত সম্প্রীতি গগৈয়ে শ্রেষ্ঠ সন্মান বঁটা আৰু জ্যেষ্ঠ শাখাৰ সত্ৰীয়া নৃত্যত দিক্ষীতা গগৈ , ময়ূৰিকা বসুমতাৰী আৰু অনুৰাধা ডেকাই প্রথম স্থান , দ্বিতীয় স্থান - বৃষ্টিৰাণী বৰুৱা আৰু কনিষ্ঠ শাখাত অর্ধ শাস্ত্রীয় নৃত্যত প্রথম স্থান লাভ কৰে ময়ুৰিকা বসুমতাৰী , কংকনা ফুকন , দীপান্দিতা বৰুৱাই । আনহাতে আধুনিক নৃত্যত কনিষ্ঠ শাখাত প্রথম স্থান পৰিস্মৃতা শ‍ইকীয়া আৰু দ্বিতীয় স্থান ইনাস্মৃতা কোঁৱৰে লাভ কৰে ।