সোণাৰিৰ দৰিদ্ৰ চাহ শ্ৰমিকৰ পুত্ৰ, পিতৃহাৰা ৰাজু ৰজকে লাভ কৰিলে অসম আৰক্ষীৰ চাকৰি।

ৰাজুৰ দেউতাকৰ নাম হৈছে প্ৰয়াত মঙ্গল ৰজক আৰু মাক হৈছে লখি ৰজক। অসম আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তি লাভ কৰা ৰাজুৰ ঘৰ সোণাৰিৰ কাষৰীয়া ৰজাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাইডঙিয়া নকছাৰী গাঁওত। আজি ৰাজুৱে চাকৰি লাভ কৰাৰ বাতৰি ৰাষ্ট্ৰ হোৱাৰ লগে লগে ৰজাপুখুৰী গাঁও পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকা প্ৰমুখ্যে অনেক লোকে তেওঁৰ ঘৰত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মিঠাই খুৱাই আনন্দ ব্যক্ত কৰে।