প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক জন্মদিন উপলক্ষে আৰু আজাদি কা অমৃত মহোৎসৱৰ অংশস্বৰূপে আজি সমগ্ৰ ৰাজ্যতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত “অমৃত সৰোবৰ প্ৰকল্প” আঁচনিৰ শুভাৰম্ভ হৈছে। “অমৃত সৰোবৰ” আঁচনিৰ মহান উদ্দেশ্যে হৈছে ভৱিষ্যতৰ বাবে পানীৰ সংৰক্ষণ কৰা। এই আঁচনিৰ অধীনত প্ৰতিখন জিলাতে ৭৫ টাকৈ অমৃত সৰোবৰ নিৰ্মাণ কৰা হ’ব। ইতিমধ্যে ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া খণ্ড উন্নয়ন আৰু গোৰেশ্বৰ খণ্ড উন্নয়নৰ অধীনত মুঠ ২৬টা অঞ্চলত অমৃত সৰোবৰ প্ৰকল্প আঁচনিখন আৰম্ভ কৰা হব। সেই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ প্ৰকল্প মিছন অমৃত সৰোবৰ আঁচনিখন সফল কৰি তোলাৰ লক্ষ্যৰে আজি ৰঙিয়া বিধানসভা সমষ্টিৰ মধ্য পাণ্ডুৰী গাঁও পঞ্চায়ত অন্তৰ্গত বঁটাকুছি গাঁৱত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত অমৃত সৰোবৰ প্ৰকল্পৰ নিৰ্মাণৰ কামৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভণি কৰে লগতে পদুম কুঁৱৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰমূৰা গাঁৱত অমৃত সৰোবৰ প্ৰকল্প আঁচনি খনৰ নিৰ্মাণ কাৰ্যৰ শুভৰাম্ভনি কৰে বিধায়ক ভবেশ কলিতাই। উল্লেখযোগ্য যে আজি সমগ্ৰ ৰাজ্যতে এই গুৰুত্বপূৰ্ণ আঁচনি খনৰ দ্বাৰা বৃহৎ ৰাজহুৱা পুখুৰী খনন কাৰ্য আৰম্ভ হৈছে। এই অমৃত সৰোবৰ সমূহে জল সংৰক্ষণৰ লগতে মৎস্য পালন, পুখুৰীৰ পাৰে পাৰে মূল্যবান গছ পুলি ৰোপণ কৰা আৰু মৎস্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত উল্লেখনীয় বৰঙনি আগবঢ়াব বুলিও মন্তব্য কৰে বিধায়ক কলিতাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
পথৰ দুৰৱস্থা দেখি আচৰিত পথাচাৰি
সোণাৰি সমষ্টিৰ এটা বিশেষ পথৰ দুৰৱস্থা দেখি আচৰিত পথাচাৰি। সোণাৰি সমষ্টিৰ টিটলাগড়ৰ পৰা নামৰূপ...
Parliament Session 2024: Kharge ने राज्यसभा में उठाया पेपर लीक का मुद्दा, कहा- भविष्य बर्बाद हो गए
Parliament Session 2024: Kharge ने राज्यसभा में उठाया पेपर लीक का मुद्दा, कहा- भविष्य बर्बाद हो गए
Sahkar Nagar ના આવાસો નુ ખાતમુહૂર્ત કરાયુ
Sahkar Nagar ના આવાસો નુ ખાતમુહૂર્ત કરાયુ
SIT રિપોર્ટ પર ગૃહ રાજ્ય મંત્રીએ પ્રતિક્રિયા આપી
SIT રિપોર્ટ પર ગૃહ રાજ્ય મંત્રીએ પ્રતિક્રિયા આપી
Ahmedabad: તાથાસ્તુ ફાર્મ ખાતે શમંતા ગ્રુપ દ્વારા રંગતાળી રાસ પ્રિ-નવરાત્રિના રંગમાં અમદાવાદ ઝૂમયુ
Ahmedabad: તાથાસ્તુ ફાર્મ ખાતે શમંતા ગ્રુપ દ્વારા રંગતાળી રાસ પ્રિ-નવરાત્રિના રંગમાં અમદાવાદ ઝૂમયુ