#Golaghat:

#যি সময়ত একাংশ লোকে সামাজিক মাধ্যম (ফেচবুক,ৱাটচাপ)ক বিপথে পৰিচালিত কৰি আহিছে তেনে সময়তে কেইবাগৰাকীমান মানৱদৰদী লোকে সামাজি মাধ্যমৰ দ্বাৰাই মানৱ সেৱাৰ লগত জড়িত হৈ পৰিছে।

#HUMANISM নামৰ এটা সামাজিক মাধ্যমত পেজ খুলি অসমৰ বিভিন্ন প্ৰান্তত থকা বিধাশ্ৰম,বিশেষ ভাবে সক্ষম কেন্দ্ৰ,মানসিক বিকাৰগ্রস্ত কেন্দ্ৰ সমুহত বিনামূলীয়া চিকিৎসা সেৱা,যোগ,আৰু অনান্য দিশৰ ওপৰত সেৱা আগবঢ়াই মানৱতাৰ সুন্দৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। 

#আজি গোলাঘাটতো "আমাৰ ঘৰ বিধাশ্ৰম"ত ককা আইতা সকলক চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে যোগ শিকাই গোটটোৰ সদস্য সকলে। 

#কেৱল ইমানেই নহয় ককা আইতাহঁতক তৃপতিৰে দুপৰীৰ আহাৰ গ্ৰহণ কৰায়। 

#অসমৰ বিভিন্ন জিলাৰ প্ৰায় ৭০ গৰাকীৰো অধিক লোক এই গ্ৰুপৰ লগত জড়িত হৈ সম্পূৰ্ণ নিজাববীয়াকৈ এই সেৱা আগবঢ়াই আহিছে। 

#সামাজিক মাধ্যমৰ দ্বাৰা এক গোট হৈ এনেদৰে মানৱ সেৱা কৰিবলৈ ওলাই অহা বাবে সকলোৱে প্ৰশংসা কৰে। 

#ইয়াৰ পিছতো অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ কাম অব্যাহত