গ্ৰাম্য অৰ্থনীতি ভেটি মজবুত কৰাৰ লক্ষ্যৰে প্ৰৱৰ্তন কৰা কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী প্ৰকল্প- মিছন অমৃত সৰোবৰৰ অধীনত সমগ্ৰ অসমতে ২,৬২৫টা অমৃত সৰোবৰ পুখুৰীৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি হৈছে।

 আজি গোলাঘাট জিলাৰ বোকাখাতত পাণবাৰী অমৃত সৰোবৰৰ নিৰ্মাণকাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিলে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই৷ এই প্ৰকল্পৰ অধীনত ৰাজ্যখনৰ প্ৰতিখন জিলাতে ৭৫টাকৈ অমৃত সৰোবৰ পুখুৰীৰ নিৰ্মাণ কৰা হ'ব বুলি অৱগত কৰিছে মন্ত্ৰী বৰাই। আনহাতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বিশেষ তৎপৰতাত ৰাজ্যখনত "অমৃত সৰোবৰ" আঁচনিখন সফল ৰূপায়ণৰ দিশে আগবাঢ়িছে বুলিও কয় মন্ত্ৰী বৰাই।

এই অভিলাষী প্ৰকল্পটোৱে ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি নিৰ্মাণত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলিও আশা প্ৰকাশ কৰে কেবিনেট মন্ত্ৰী অতুল বৰাই।

 আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত গোলাঘাটৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ মুখ্য মহাপ্ৰবন্ধক কাজল শইকীয়া, মহাপ্ৰবন্ধক শ্ৰী মিণ্টু সন্দিকৈ আৰু এন আৰ এলৰ অন্যান্য বিষয়াসকল, জিলা গ্ৰাম্য উন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, গোলাঘাট জিলা পৰিষদৰ অধ্যক্ষ এলিনা পেগু দলে, বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, ভাৰতীয় জনতা পাৰ্টীৰ জীৱেশ্বৰ হাজৰিকা, অগপৰ উৎপল বৰদলৈ প্ৰমুখ্যে জিলা আৰু মহকুমা প্ৰশাসনৰ বিষয়াসকল, নিমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল, সংশ্লিষ্ট বিভাগৰ বিষয়াসকল, পঞ্চায়ত প্ৰতিনিধিসকল, বিজেপি, অগপৰ কৰ্মকৰ্তাসকল, আত্মসহায়ক গোটৰ সদস্য আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।