বেচৰকাৰী অনুষ্ঠান 

পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত আঞ্চলিক ৰাইজৰ সহযোগত দৰঙৰ দুমুনিচকী হাইস্কুল খেলপথাৰত অহা ২৫ ,২৬ আৰু ২৭ নবেম্বৰত অনুষ্ঠিত হব সদৌ অসম ভিত্তিত দিবা নৈশ প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতা । সেই  মৰ্মে ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী সভাপতি মহিদুল ইছলামক কাৰ্যকৰী সভাপতি মহচিন আলী, মুকুট আলীক সম্পাদ্বয় হিচাপে লৈ এখন শক্তিশালী খেল পৰিচালনা সমিতি গঠন কৰা হয় । সকলো কাৰ্যসূচীতে ৰাইজৰ সহায় সহযোগ কামনা কৰিছে উদ্যোক্তা সকলে ।