আজিৰ খবৰ, গুৱাহাটী , ৩১ জুলাই, ২০২২ : সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ অসম ৰাজ্যিক সমিতিৰ দুদিনীয়া বাৰ্ষিক অধিবেশনখন আজিৰে পৰা গুৱাহাটীৰ বেতকুছিস্থিত ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি চৌহদত আৰম্ভ হৈছে । পুৱা পতাকা উত্তোলনৰে অধিবেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম ৰাজ্যিক সমিতিৰ সভাপতি ডঃ বিনীতা ভাগৱতীয়ে । আনহাতে তাৰ পাছত ডঃ বিনীতা ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত উদ্ধোধনী সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই ভাষণ প্ৰসংগত এতিয়াৰ আফগানিস্তানৰ পৰা বাংলাদেশলৈ অখণ্ড ভাৰতৰ মানচিত্ৰ খনৰ ওপৰত আলোকপাত কৰি কয় ১৮৫৭ চনতে চিপাহী বিদ্ৰোহৰ জৰিয়তে সু সংগঠিত ৰূপত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম স্বাধীনতা সংগ্ৰাম আৰম্ভ হৈছিল । কিন্ত এতিয়াৰ বহু কংগ্ৰেছীয়ে দাবী কৰাৰ দৰে ১৮৮৫ চনত কংগ্ৰেছ দল গঠন হোৱাৰ পাছতহে ভাৰতৰ স্বাধীনতা আন্দোলন আৰম্ভ হোৱা কথাটো সত্য নহয় । যদি কংগ্ৰেছ দলে দাবী কৰাৰ দৰে তেওঁলোকে দেশৰ স্বাধীনতা আনিছিল তেন্তে তেওঁলোক ১৯৪৭ চনৰ ১৪ আগষ্টত ধৰ্মৰ নামত ভাৰতখন দুটুকুৰা হোৱা কথাটোৰো দায়িত্ব লব লাগিব । আনহাতে সভাত বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ মন্ত্রী পীয়ুষ হাজৰিকা আৰু জয়ন্তমল্ল বৰুৱাই ভাগ লৈ সীমান্ত চেতনা মঞ্চই আন্তঃৰাষ্ট্ৰীয় সীমান্তত বাস কৰি অহা ৰাইজৰ মাজত দেশপ্ৰেম , ৰাষ্ট্রীয়তাবাদৰ ভাৱনা চিৰ জাগ্ৰত কৰি ৰাখিবলৈ কৰা বিভিন্ন প্ৰচেষ্টাৰ শলাগ লৈ সংগঠনটোৰ দীৰ্ঘায়ু কামনা কৰে । তেনেদৰে সভাত সন্মানীয় অতিথি হিচাপে ভাগ লৈ বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ডি আই জি ব্ৰজেশ কুমাৰ মিশ্ৰই ভাৰত - বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ শেহতীয়া স্থিতিৰ আলোকপাত কৰি সীমান্ত চেতনা মঞ্চই সীমান্তৰ লোকসকলৰ মাজত কৰি অহা জনচেতনামূলক কাম কাজৰ শলাগ লয় । আনহাতে বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি বিয়লি ২ বজাৰ পৰা নিশা ৯.৩০ বজালৈ চাৰিখন আলোচনা সত্ৰ অনুষ্ঠিত হয় । আলোচনা সত্ৰ সমূহত ডঃ বিনীতা ভাগৱতী , প্ৰদীপন জী , অভিজ্ঞান বৰদলৈ , প্ৰফুল্ল বৰ্মন , ডঃ প্ৰতিমা নিয়োগীকে ধৰি মঞ্চৰ কেবাজনো কৰ্মকর্তাই ভাগ লয় । উল্লেখযোগ্য যে ৩১ জুলাইত বিয়লি ২ বজাত সামৰণি পৰিবলগীয়া অধিবেশনত পুনৰ ৩ খন আলোচনা সত্ৰ অনুষ্ঠিত হব বুলি অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক বিকি প্ৰসাদে জানিবলৈ দিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিল্পী দিৱসত ৬গৰাকী চহা শিল্পীক ডুগডুগী শিল্পী বঁটা ২০২৪প্ৰদান কৰে স্বত্বাধিকাৰী উৎপল বনিয়াই।
১৭জানুবাৰী শিল্পী দিৱসত সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহা চাপৰমুখতো সুন্দৰৰ পূজাৰী, তিনি কালৰ শিল্পী...
HUDCO Shares Fall By 8% | OFS के जरिए सरकार बेच सकती है हिस्सेदारी, तुरंत कर लें Exit |Business News
HUDCO Shares Fall By 8% | OFS के जरिए सरकार बेच सकती है हिस्सेदारी, तुरंत कर लें Exit |Business News
महिलाओं ने अपने सामने देखी नैत्रदान प्रक्रिया, नवरात्रि की पूजा छोड़,भवानी मंडी जाकर लिया नेत्रदान
आज सुबह भवानी मंडी निवासी गिरिराज,सत्यनारायण एवं महेश जोशी की माताजी श्रीमती प्रेम जोशी का...
ડીસામાં કનૈયા ટ્રેડિંગમાં ફૂડ વિભાગે દરોડા પાડી તેના સેમ્પલ લીધા
ડીસા તાલુકાના માલગઢ ગામે રહેતા સુખદેવભાઈ માળીએ થોડા સમય પહેલા ડીસાના રીશાલા બજાર પાસે આવેલ શ્રીજી...