মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্প ৰ খাদ্য মেলাকানীয়াজানত থলুৱা খাদ্য সম্ভাৰ প্ৰস্তুত প্ৰণালী,খাদ্য মেলা সম্পন্ন
ৰাষ্ট্ৰীয় পোষণ মাহ ২০২২ ৰ লগত সংগতি ৰাখি মাজুলী জিলাৰ সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত সংহত শিশু উন্নয়ন প্ৰকল্প মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্প অধীনৰ কমলাবাৰী কেইবাটাও চক্ৰৰ কানীয়াজানত আজি থলুৱা খাদ্য সম্ভাৰৰ ৰন্ধন প্ৰদৰ্শন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ থলুৱা খাদ্য গ্ৰহণৰ জৰিয়তে কিদৰে প্ৰত্যেক গৰাকী গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ, কিশোৰী আৰু শিশু সকল উপকৃত হয় সেই উদ্দেশ্যি কানীয়াজান মডেল অংগনড়াৰী চৌহদত পূৱা১১বজাৰ পৰা অনুষ্ঠিত কৰা এখনি সভাত মাজুলী জিলাৰ সহকাৰী আয়ুক্ত তথা জিলা সমাজ কল্যাণ বিষয়া দেৱ নাৰায়ন হাজৰিকা শুভাৰম্ভ কৰে। সমাজৰ সকলো শ্ৰেণীৰ লোকে পুষ্টিহীনতা আৰু ৰক্তহীনতা ব্যাধিৰ পৰা কেনেদৰে মুক্ত হৈ থাকিব পাৰে তথা পৰিপুষ্ট সমৃদ্ধ থলুৱা খাদ্য সম্ভাৰৰ ওপৰত বিষয়া গৰাকী য়ে বহলাই আলোকপাত কৰে।
উক্ত সভাত মাজুলী সংহত শিশু বিকাশ প্ৰকল্পৰ বিষয়া মণিষা পাইট, জিলা পৰিষদ ৰ সভানেত্ৰী পাপু হাজৰিকা দত্ত, জিলা সাংবাদিক সন্থাৰ সম্পাদক দীপু বৰা,জিলা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মুনিন্দ্ৰ ভূঞাই ভাষণ দিয়ে। আজি উক্ত কাৰ্যসূচীত পোষণ অভিযানৰ পংকজ পায়েং,কমলাবাৰী চক্ৰৰ চুপাৰ ভাইজাৰ জ্যোতি বাৰিকৰ উপৰিও মাজুলী সংহত শিশু বিকাশ প্ৰকল্পৰ সমূহ মূখ্য সেৱিকা আৰু কৰ্মচাৰী, অ্ংগনাবাদী কর্মী আৰু সহায়িকা, বহু সংখ্যক গৰ্ভৱতী,প্ৰসূতি আৰু কিশোৰ- কিশোৰী উপস্থিত থাকে। সভাত অঞ্চলৰ কণ কণ শিশুসকলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে ।