হাবিত KTM দেখি অবাক আৰক্ষী

KTM হাবিত পাই ঘুৰি ঘুৰি চাইছে আৰক্ষীয়েও 

এই বিলাসী মটৰচাইকেল খন কাৰ জানিলে সকলো আচৰিত হব 

আচৰিত হবলগীয়াকৈ এই KTM খনৰ ৰহস্য ভেদিবলৈ আপোনি চাব লাগিব আমাৰ এই প্ৰতিবেদন 

 কালি নিশা প্ৰায় বাৰ বাজিছে হাবিতলীয়া ৰাস্তাৰে আৰক্ষীৰ গাঢ়িখন গৈ এটা চাং বাংলাত সোমালে ৷ বাহনী-কাঠনীৰ মাজত থকা এই ঘৰটো গবাইট বৰাৰ ৷ মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত গোসাইবাৰী গাঁৱৰ বিখ্যাতচুৰ ভাস্কৰক কালি নিশা জেংৰাইমুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীলিপ কুমাৰ চুতীয়াৰ তৎপৰতাত নতুন বজাৰ তহলদাৰী আৰক্ষীচকীৰ আৰক্ষীয়ে আটক কৰি আনে ভাস্কৰক ৷ ভাস্কৰৰ ওপৰত যোৰহাট পুলিবৰ থানাই আৰোপ কৰিছে দিন ডকাইতিৰ গোচৰ ৷ নিশাৰ পিছত আজি পুনৰ চুৰি সামগ্ৰী বিচাৰি ভাস্কৰৰ এই বাংলাত হাজিৰ জেংৰাইমুখ আৰু পুলিবৰ থানাৰ আৰক্ষী হাবিৰ পৰা বিচাৰি উলিয়ালে এখন KTM বাইক ৷ 

চুৰৰ হাতত KTM দেখি আচৰিত আৰক্ষী ৷ বছৰ বছৰ ধৰি চাকৰি কৰিও আৰক্ষীয়ে কিনিব পৰা নাই KTM . ইফালে এইজন বিখ্যাত চুৰৰ হাতত এখন নহয় দুখনকৈ KTM ৷ মহান চুৰে আজিৰ পৰা এটা বছৰৰ আগত নতুনবজাৰ আৰক্ষী ত চকীত এৰিছিল এখন KTM .

এটা বছৰতে চুৰৰ আলাউদ্দিনৰ চাকি- পুনৰ আন এখন নতুন বিলাসী বাইকKTM আৰু এখন ডিছকভাৰ বাইক ৷ 

এতিয়া আৰক্ষীৰ চিন্তা এই KTM খন চুৰি বাইক নেকি ?

তদন্তৰ বাবে আৰক্ষীয়ে ভাস্কৰৰ এই KTM খন জব্দ কৰি নিলে যোৰহাট পুলিবৰ থানালৈ ৷ 

এতিয়া আপোনিয়ে ভাৱক চুৰৰ হাতত আছে KTM . সৰ্বসাধাৰণৰে দুবেলা দুমুঠিৰ বাবে দিনে -নিশাই কৰিছে কাম ৷