SLUGNAME: ATHKHELIA NAMGHAR PRESS MEET

অৱসান হোৱাৰ পথত আগবাঢ়িছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতি কেন্দ্ৰীক সংঘাটৰ। মহামান্য আদালতৰ ৰায় অনুসৰি সাধাৰণ সভা অনুষ্ঠিত কৰি গঠন কৰা নতুন পৰিচালনা সমিতিখনে আগন্তুক সপ্তাহত দ্বায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে ওৰ পৰিব নামঘৰ পৰিচালনা সমিতিৰ দীৰ্ঘদিনীয়া বিতৰ্কৰ। পূৰ্বৰ নামঘৰ পৰিচালনা সমিতিক ক্ষমতাচ্যূত কৰি বৰ্তমানলৈকে নামঘৰ পৰিচালনাৰ দ্বায়িত্ব লৈ আছিল এখনি কৰ্ণধাৰ সমিতিয়ে। কিন্তু বৰ্তমানৰ কৰ্ণধাৰ সমিতিখনক অবৈধ আখ্যা দি কৰ্ণধাৰ সমিতিখনৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন হৈছিল পূৰ্বৰ পৰিচালনা সমিতি। শেহতীয়াকৈ মহামান্য আদালতে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি পূৰ্বৰ পৰিচালনা সমিতিক সাধাৰণ সভা অনুষ্ঠিত কৰি নতুন সমিতি গঠনেৰে নামঘৰৰ পৰিচালনাৰ দ্বায়িত্ব ল'বলৈ নিৰ্দেশনা দিছিল। আদালতৰ ৰায়ৰ ভিত্তিত বিগত ৯ ছেপ্টেম্বৰ তাৰিখে বৃহৎ ৰাজহুৱা সভা অনুস্থিত কৰি অৱশেষত গঠন কৰা হৈছিল নতুন নামঘৰ পৰিচালনা সমিতি। আজি নৱগঠিত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি খগেন্দ্ৰ নাথ হাজৰিকাই এক সংবাদমেল অনুষ্ঠিত কৰি গুৰুত্বপূৰ্ণ ৰায়দান কৰি বিষয়টো সমাধান কৰাৰ বাবে আদালতক কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে অহা আহিন মাহৰ ২ তাৰিখ সোমবাৰে নতুন পৰিচালনা সমিতিয়ে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিৰ আনুষ্ঠানিক দ্বায়িত্ব গ্ৰহণ কৰিব বুলিও সদৰী কৰে। সভাপতি খগেন্দ্ৰ নাথ হাজৰিকাই ঐতিহ্যমণ্ডিত নামঘৰটিৰ উত্তৰণৰ স্বাৰ্থত সকলো খেলুৱৈ ৰাইজ আৰু অসমবাসীৰ সহযোগিতা কামনা কৰে।