প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে চাফাই কাৰ্যসূচী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিন (১৭ ছেপ্টেম্বৰ)ৰ লগত সংগতি ৰাখি আজি ভজো ৰেলৱে ষ্টেচন প্ৰাঙ্গণৰ অ'টো ৰিক্সো ষ্টেণ্ড,ভজো দূৰ্গা মণ্ডপ,কালী পূজা মণ্ডপ প্ৰাঙ্গণত স্বচ্ছ ভাৰত অভিযানৰ অধীনত এক স্বচ্ছতা অভিযান চলোৱা হয়। ইয়াত উপস্থিত থাকে ৭নং ৱাৰ্ড সদস্য ,১১০ নং বুথৰ সভাপতি ,ষ্টেচন মাষ্টৰ,স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰী,আশাকৰ্মী আৰু লোকনাথ বাবা গোটৰ সদস্য সকল।
 
  
  
   
   
   
  