অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী পাহাৰত মুষলধাৰে বৰষুণ দি থকাত জীয়াঢ়ল, কুমটীয়া আৰু ন - নদীৰ বাঢ়নী পানীয়ে ৰাজ্যিক ঘাইপথৰ ওপৰেদি পানী বাগৰিছে।
শেহতীয়াভাৱে অৰুণাচল পাহাৰত হৈ থকা ৰুষ্ট প্ৰকূতি ধাৰষাৰ বৰষুণ হোৱাত সোৱণশিৰি নদীৰ ওফন্দি উঠিছে আৰু নদী জলপৃষ্ঠ বৃদ্ধি পোৱাত আকৌ প্ৰকল্পটো মূল বান্ধৰ ওপৰে বাগৰিছে পানীৰ। ইফালে জীয়াঢ়ল, কুমটীয়া আৰু ন - নদীৰ বাঢ়নী পানীয়ে গোগামুখ ৰাজহ চক্ৰ ২৫ খন গাওঁ প্লাবিত কৰিছে। লখিমপুৰ জিলাৰ সোৱণশিৰি ৰাজহ চক্ৰ কেইবাখনো গাঁও প্লাবিত। যাৰ বাবে গাওঁকেইখনৰ বন্যাতৰ লোকৰ মাজত হাঁহাকাৰ সৃষ্টি হৈছে। বানৰ কবলত গাওঁকেইখনৰ সহস্ৰাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ বুৱাই পেলোৱাত বহুকেইটা পৰিয়াল আশ্ৰয়হীন পৰিছে। গাওঁকেইখন ক্ৰমে - চুতীয়াকাৰী, ৰতুৱা, কৈৱৰ্ত্ত, বৰদৈ, লেজুৱা, গৰৈমাৰী, ১নং-২নং খনা কৃষ্ণপুুৰ, ফুলবাৰী, বেৰভঙা, কমাৰচলা, বেতনিহোলা আদি গাওঁ কেইখন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। গাওঁকেইখনৰ যোগাযোগৰ একমাত্ৰ পথ গোগামুখৰ পৰা ঢকুৱাখনা ২২নং ৰাজ্যিক ঘাইপথৰ বৰদৈ বাগান তিনিআলি গ্ৰাম চৰক যোযনাৰ সংযোগী পথটো বানে বুৰাই পেলোৱাৰ লগতে দুটা অংশত চিঙি পেলোৱাত যোগাযোগ বিচ্ছিন্ন হৈছে গাওঁ কেইখনৰ। চুতীয়াকাৰী - গোগামুখ সংযোগী গ্ৰামীণ চৰক যোযনাৰ পথটো বান বানে বুৰাই পেলোৱাৰ ফলত বৃহৎ সমস্যা সন্মুখীন হ'বলগীয়াত পৰিছে চুতীয়াকাৰী, ৰতুৱা, কৈৱৰ্ত্ত, বৰদৈ, লেজুৱা, গৰৈমাৰী, ১নং-২নং খনা কৃষ্ণপুুৰ, ফুলবাৰী, বেৰভঙা, কমাৰচলা, বেতনিহোলা আদি ৰাইজে।
যথা সময় মাথাউৰিটো নিৰ্মাণ নকৰাত জমৰ যাতনা ভুগিছে অঞ্চলবাসী ৰাইজে। ধেমাজি জলসম্পদ বিভাগৰ লগতে বান নিয়ন্তন মন্ত্ৰীক এই ক্ষেত্ৰত তৎপৰতা গ্ৰহণ কৰি আগন্তক বান দুৰ্যোগৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনাইছে অঞ্চলবাসী ৰাইজে।