দৰংত কৃষক ৰাইজৰ মাজত শালিধানৰ বীজ বিতৰণ

১৪জুলাই: বৃহষ্পতিবাৰে দৰং জিলাৰ পাথৰিঘাট মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত দুৰ্যোগ ব্যবস্থাপনা ‍আঁচনি ২০২২ -২৩ বৰ্ষৰ অধীনত শালিধানৰ বীজ-বিতৰণৰ শুভাৰম্ভণি কৰে চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী পৰমানন্দ ৰাজবংশীয়ে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে দৰং জিলাৰো বিস্তৰ ক্ষতি সাধন কৰিছে বানপানীয়ে। বানত জুৰুলা হোৱা কৃষক ৰাইজক কিছু সকাহৰ বাবে কৃষি বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। বৃহষ্পতিবাৰৰ দিনটোত শুভাৰম্ভ কৰা আঁচনি খনৰ জড়িয়তে কৃষক সকলক বীনা ধান বীজ -১০ বিতৰণৰ লগতে বানপানীৰ সময়ত এই বীজৰ লোকচানৰ সম্ভাৱনীয়তা কিছু ক'ম বুলি উল্লেখ কৰে কৃষি বিষয়া জ্যোতিষ নাথে। এই ধানৰ বীজ সিচাঁৰ প্ৰায় এশ ত্ৰিছ দিনৰ ভিতৰতে খেতিয়ক ৰাইজে ধান কাটি এক সুন্দৰ উৎপাদনৰ লক্ষ্য স্থিৰ কৰিব পাৰে বুলিও উল্লেখ কৰে বিষয়া গৰাকীয়ে। বানত বিধস্ত ৰাইজে মনোবল নাভাঙি যাতে দুগুন উৎসাহেৰে কাম কৰি পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰে তাৰ ওপৰত গুৰুত্ব দিবলৈ অনুৰোধ জনাই স্থানীয় বিধায়ক গৰাকীয়ে। এই ক্ষেত্ৰত প্ৰয়োজনীয় সহায়ৰ বাবে চৰকাৰ দায়বদ্ধ বুলিও প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে। কৃষি বিভাগৰ বৰ্তমান চলিত আচঁনি "ফচল বীমা যোজনা" ৰ সুবিধা গ্ৰহন কৰিবলৈও কৃষক ৰাইজক আহ্বান জনাই বিধায়ক গৰাকীয়ে।