'পিতৃ মাতৃ পূজন ' শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন।
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
লাক্ষীমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হল এক অগতানুগতিক আৰু অনুকৰনীয় কাৰ্যসূচী।ঘিলামৰাত অৱস্থিত শিক্ষা খণ্ডটোৰ অন্তৰ্গত পিতামণি প্ৰাথমিক বিদ্যালয়ত বিদ্যালয় পৰিয়ালৰ উদ্যোগত অনুষ্ঠিত কৰা হয় 'পিতৃ মাতৃ পূজন'শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান।বিদ্যালয় প্ৰধান শিক্ষক য়োগামায়া চাংমাই ,পৰিচালনা সমিতিৰ সভাপতি জগত সেনাপতি,সহকাৰী শিক্ষক প্ৰাণজিব জগত সেনাপতি, সহকাৰী শিক্ষক প্ৰাণজিব বৰা,মাতৃ গোটৰ সমূহ সদস্য আৰু অভিভাৱক সকল উপস্থিত থকা এই পিতৃ মাতৃ পূজন শীৰ্ষক অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলনেৰে শুভৰাম্ভ কৰে দেউলীয়া অতিৰিক্ত সমল কেন্দ্ৰৰ সমন্বয়ক লাকি হাজৰিকাই।বিদ্যালয় খনৰ সহকাৰী শিক্ষক বিকাশ দত্তই আঁত ধৰা দৃষ্টিনন্দন অনুষ্ঠানটোৰ বিদ্যালয় খনৰ সমূহ শিক্ষাৰ্থীযে শৃংখলাবদ্ধতাৰে সম সাজ পৰিধান কৰি উপস্থিত থাকে বিদ্যালয়ত।বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগিতাত বিদ্যালয়ত উপস্থিত অভিভাৱক সকলক শিক্ষাৰ্থীৰ সকলে হাতে হাতে ধূপ বন্তি পুষ্পা মাল্য লৈ নিজ নিজ পিতৃ মাতৃক প্রথমে চৰণ স্পর্শ কৰি ভক্তিৰ ভৰা প্ৰণিপাত জনাই।অভিভাৱক সকলেও সন্তানৰ পূজনত আৰ্শীবাদ অঞ্জলি যাচে।
যি সময়ত একাংশ বষীয়ান পিতৃ মাতৃৰ প্ৰতি এচাম তথা কথিত উচ্চ জাত্যাভিমানিয়ে প্ৰদৰ্শন কৰি আহিছে অশ্ৰদ্ধা আৰু অৱস্থা তেনেসময়তে এখন প্ৰাথমিক বিদ্যালয় শিক্ষাৰ্থী সকলক পিতৃ মাতৃ ৰ আত্মিক সম্পৰ্ক সশ্ৰদ্ধ অনুভূতি ৰোমন্থন কৰিবলৈ বিদ্যালয় পৰিয়ালে গ্ৰহন কৰা এনে ব্যতিক্ৰমী শ্রদ্ধাশীল পদক্ষেপ নিশ্চিত ভাবে অনুকৰনীয় আৰু ইতিবাচক বাৰ্তা বাহক হিচাপে ধৰা দিছে।