শৰৎ আহিলেই ! শেৱালিয়ে সুবাস বিলাই মেলি দিছে শুকুলা চাদৰ, আহিনক আদৰিবলৈ হালি-জালি নাচিছে কঁহুৱাই ...
সময় গতিশীল। গতিশীল সময়ৰ নীতি অনুসৰি আহিনৰ আঁচলত ধৰি ধৰাৰ বুকুলৈ শৰৎ আহিল। হালি- জালি কঁহুৱাই দিছে শৰৎ অহাৰ জাননী। শৰত আহিলেই শেৱালিয়ে মেলি দিয়ে শুকুলা চাদৰখনি।সময় গতিশীল। গতিশীল সময়ৰ নীতি অনুসৰি আহিনৰ আঁচলত ধৰি ধৰাৰ বুকুলৈ শৰৎ আহিল। হালি- জালি কঁহুৱাই দিছে শৰৎ অহাৰ জাননি। শৰত আহিলেই শেৱালিয়ে মেলি দিয়ে শুকুলা চাদৰখনি।পাবলি পাহিৰে ৰজনজন হাঁহিৰে ওপচাই পেলাই শাৰদীয় পূৱা- গধূলি। সেইবাবেতো শৰৎ ইমান চহকী। কবি নৱকান্ত বৰুৱাই ক'বৰ দৰেই -" আহিনক কোনে আনে আদৰি, নিয়ৰে ক'লে শেৱালিয়ে, শেৱালিয়ে ক'লে নিয়ৰে আনে, দূবৰিয়ে ক'লে কোমল হাঁহিৰে দুয়োজনে দুয়োজনে "হয়, আহিনৰ চোতাল ওপচাই শৰৎ আহিছে ধৰালৈ। শৰৎ মানেই নিৰ্মল আকাশৰ বুকুত কহুৱাৰ শুভ্ৰ নিচান। শৰৎ মানেই নিয়ৰ- দূবৰিৰ আলিংগন। উছৱৰ মধু আলোড়ন। তদুপৰি শেৱালিৰ সুবাসে সমগ্ৰ শৰতকে আৱৰি থাকে। সেইবাবে চাগে হীৰুদাই লিখিছিল" আমোলমোল শেৱালিৰ গোন্ধ ..."তদুপৰি শেৱালি ফুলাৰ বতৰতে এৰি অহা দিনৰ স্মৃতিয়ে মনত দোলা দিয়ে। স্নিগ্ধ জোনাকত কল্পনা বিলাসীসকল নষ্টালজিক্ হৈ পৰে। শিল্পীৰ ভাষাতেই - বুকুৰ বান্ধৈ চিনো কি নিচিনো লাগে সৰা শেৱালিৰ বাটে কাহানিবা দেখিছিলো যেন লাগে।মুঠৰ ওপৰত শৰৎ অহাৰ লগে লগে সুকীয়া নান্দনিক সৌন্দৰ্যৰে চহকী হয় প্ৰকৃতি।হালি জালি কঁহুৱাই বিলাই শাৰদীয় উছৱৰ প্ৰীতি। কবি সাহিত্যিকৰ কাপেৰে নিগৰিত হয় ন ন সৃষ্টি।