পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ লগতে প্ৰাথমিক শিক্ষকসকলৰ বহুকেইটা গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ দাবীত অহা ২০ ছেপ্টেম্বৰত ৰাজ্যজুৰি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনাই চৰাইদেউ জিলা প্ৰাথমিক শিক্ষক সন্মিলনী, নাজিৰা মহকুমা আৰু শিৱসাগৰ মহকুমাই শিৱসাগৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ সন্মুখত এক ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব৷ চৰাইদেউ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি দীননাথ পাংগিং আৰু সাধাৰণ সম্পাদক ৰতন গগৈয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয়, নতুন পেঞ্চন নীতি বাতিল কৰা, পুৰণি পেঞ্চন নীতি বাহাল ৰখা, সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা, নতুন শিক্ষা নীতিত শিক্ষক বিৰোধী দফাসমূহ বাতিল কৰা, সকলো ৰাজ্যতে সপ্তম দৰমহা আয়োগৰ দৰমহা প্ৰদান কৰা, শিক্ষাত ব্যক্তিগত ৰাজহুৱা অংশীদাৰীত্ব বন্ধ কৰাকে ধৰি প্ৰাথমিক শিক্ষকৰ বহুকেইটা সমস্যা সমাধানৰ দাবীত ইতিপূৰ্বে দেশজুৰি শিক্ষক সংঘই আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছিল৷ ইয়াৰে অংশ হিচাপে যোৱা 5 ছেপ্টেম্বৰত ৰাজ্যজুৰি শিক্ষক সন্মিলনীয়ে ডাক যোগে একোখনকৈ স্মাৰক পত্ৰ দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল৷ কিন্তু শিক্ষকসকলৰ এই সমস্যাৰ প্ৰতি চৰকাৰৰ কোনোধৰণৰ সঁহাৰি লাভ নকৰাত ইতিপূৰ্বে ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচী হিচাপে অহা ২০ ছেপ্টেম্বৰত জিলা শিক্ষা বিষয়া কাৰ্যালয়ত এক ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব৷ উক্ত কাৰ্যসূচীত বিদ্যালয়ৰ পাঠদান নিয়মীয়াকৈ চলি থকাৰ লগতে এজনীয়া শিক্ষকে পৰিচালিত বিদ্যালয়সমূহৰ শিক্ষকসকলে পাঠদানত উপস্থিত থাকিবলৈ জিলা শিক্ষক সন্মিলনীয়ে আহ্বান জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
১১ চেপ্টেম্বৰ ১৮৯৩
আজিৰ এই দিনটোতে আমেৰিকাৰ চিকাগো চহৰৰ Art Institute ৰ Hall of Columbus ত অনুষ্ঠিত হোৱা বিশ্ব ধৰ্ম...
Prashant Kishor के इस कदम से खिसकेगा Lalu Yadav-Nitish Kumar का वोट बैंक
जन सुराज के संस्थापक प्रशांत किशोर बिहार की राजनीति में उतरने वाले हैं। इससे पहले वो अपने कुनबे...
Jagran Sports Live: Asia Cup में जीत के बाद World Cup 2023 के लिए Team India कितनी तैयार?
Jagran Sports Live: Asia Cup में जीत के बाद World Cup 2023 के लिए Team India कितनी तैयार?
બ્રહ્માકુમારીઝ બોટાદ સેવા કેદ્ર દ્વારા મહાશિવરાત્રીનાં પાવન પ્રસંગે ધ્વજારોહણ અને શોભા યાત્રા નીકળી...
પ્રજાપિતા બ્રહ્મા કુમારી ઈશ્વરીય વિશ્વ વિદ્યાલય બોટાદ સેવા કેન્દ્ર ખાતે મહાશિવરાત્રી ના પાવન...
আজি বিশ্ব ফাৰ্মাচিষ্ট দিৱস
আজি বিশ্ব ফাৰ্মাচিষ্ট দিৱস।সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বিশ্ব ফাৰ্মাচিষ্ট...