ধেমাজি,১৫ ছেপ্টেম্বৰ: এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে যোৱা কালি চত্তিছগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু উত্তৰ প্ৰদেশৰ কে'বাটাও জনগোষ্ঠীক অনুসূচিত জনজাতিৰ শ্ৰেণীভুক্ত কৰিবলৈ প্ৰস্তাৱত অনুমোদন জনোৱা পিছতেই অসমত ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। কেন্দ্ৰীয় কেবিনেটে যোৱা কালি ভাৰতৰ পাচঁখন ৰাজ্যৰ ১২ টা জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰিলে, কিন্তু অসমৰ আহোম, মৰাণ,মটক, চুতীয়া,কোচ, ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে ২০১৯ চনতে ৰাজ্য চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে আজিলৈকে যুগুতাব পৰা নাই জনজাতিকৰণৰ প্ৰস্তাৱ সম্বলিত প্ৰতিবেদন। এই প্ৰতিবেদন প্ৰকাশ নকৰাৰ ফলতে দেশৰ কে'বাখনো ৰাজ্যৰ বহুকেইটা জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদানৰ বাবে জনোৱা অনুমোদনৰ তালিকাত অন্তৰ্ভূক্ত নহ'ল অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী ।অসমৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী পুৰণ নকৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰি আহিছে। 

আজি ধেমাজি সদৰত সদৌ টাই আহোম ছাত্ৰ সন্থা (আটাছু) ধেমাজি জিলা সমিতিয়ে প্ৰতাৰণা কৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী শৰ্মাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 

উক্ত প্ৰতিবাদী কাৰ্যসূচীত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মানচাও মনোজ গগৈ ডাঙৰীয়াই অংশগ্ৰহণ কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কতক্ষ কৰি তুমুল সমালোচনা কৰে। 

উল্লেখ্য যে প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে সজীৱ হোৱা ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোক লৈ ক্ৰমাৎ গা এৰা দিছে ৰাজ্য চৰকাৰে। এক কথাত সম্পুৰ্ণৰূপে স্তব্ধ হৈ পৰিছে আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি হোৱা উত্তাল প্ৰতিবাদত অসম চৰকাৰ তথা কেন্দ্ৰ চৰকাৰক অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰিবলৈ আটাছুৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মানচাও মনোজ গগৈয়ে দাবী জনাই অন্যথা ৰাজ্যত বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ প্ৰদান কৰে।