কামৰূপ জিলাৰ বেজেৰা নিবাসী শিক্ষাবিদ ড৹খৰ্গেশ্বৰ ডেকা(64)ৰ আজি গুৱাহাটীত থকা এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে।হঠাৎ অসুস্থ হৈ পৰা ডেকাক ১২ ছেপ্টেম্বৰত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

উদয়ন শান্তি নিকেতন, বেজেৰাৰ অন্যতম প্ৰতিষ্ঠাপক প্ৰয়াত ডেকাই বেজেৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা জীবন আৰম্ভ কৰে আৰু পিছলৈ ক্ৰমে ,বেজেৰা উচ্চ মাধ্যমিক বিদ্যালয়(বৰ্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়),গুৱাহাটী কৰ্মাচ কলেজ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম কম পৰীক্ষাত উত্তীৰ্ণ হয় । চৰকাৰৰ ডাকতাৰ বিভাগত চাকৰি আৰম্ভ কৰা শিক্ষাবিদ গৰাকীয়ে ২০১৭ ত গোৰেশ্বৰ কলেজৰ পৰা অধ্যক্ষ হিচাবে অৱসৰ গ্ৰহণ কৰে।বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান লগতে শিক্ষানুষ্ঠান পৰিচালনা সমিতি আদিত জৰিত প্ৰয়াত শিক্ষাবিদ গৰাকী অসম সাহিত্য সভাৰ আজীবন সদস্য আছিল।প্ৰয়াত ডেকাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অসংখ্য গুনমুগ্ধই তেওৰ বাসগৃহত ভীৰ কৰাৰ লগতে শেষ শ্ৰদ্ধা জনোই ত্যুৰ সময়ত প্ৰয়াত ডেকাই পত্নী জীয়ৰী পুত্ৰৰ লগতে অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ।