জম্মু-কাশ্মীৰৰ নৌগামত নিৰাপত্তা বাহিনীৰে হোৱা এনকাউণ্টাৰত দুজন দুৰ্ধৰ্ষ উগ্ৰপন্থী নিহত হয়। উগ্ৰপন্থী কেইজনৰ পৰা এটা এ কে ৪৭ ৰাইফল, দুটা পিষ্টলকে ধৰি কেইবাটাও অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে।

কোৱা হৈছে যে, বংগৰ শ্ৰমিকক হত্যা কৰাৰ অভিযোগত অভিযুক্ত আছিল দুয়োজন সন্ত্ৰাসবাদী।

নৌগাম এনকাউণ্টাৰত নিহত হোৱা সন্ত্ৰাসবাদী দুজনৰ সম্পৰ্ক আল কায়দাৰ আনছাৰ গাজৱাত উল হিন্দৰ সৈতে।

মৃত্যু হোৱা উগ্ৰপন্থী দুজনৰ এজনৰ নাম এজাজ ৰছুল নাজাৰ আৰু আনজনৰ নাম শ্বাহিদ আহমেদ ওৰফে আবু হামজা।

পুলৱামাৰ কৰিমাবাদৰ বাসিন্দা আছিল সন্ত্ৰাসবাদী ৰসুল নাজাৰ। আনহাতে শ্বাহিদ বুডগামৰ বাসিন্দা আছিল।

কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিজয় কুমাৰে টুইট কৰি কয় যে নিহত দুয়োজন উগ্ৰপন্থী সন্ত্ৰাসবাদী সংগঠন AGUAH ৰ সৈতে জড়িত। দুয়োজনকে পুলৱামাৰ ইজাজ ৰছুল নাজাৰ, বুডগামৰ শ্বাহিদ আহমেদ ওৰফে আবু হামজা বুলি চিনাক্ত কৰা হৈছে।