বিগত বছৰৰ দৰে এই বছৰো বৃহত্তৰ বালি গাঁৱৰ ৰাইজে নামঘৰত গাঁওখনৰ মঙ্গলৰ হেতু দুদিনীয়াকৈ আয়োজন কৰা বৰসবাহ আৰু কণ কণ শিশু সকলৰ মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি অংকীয়া ভাওঁনাৰ নাট প্ৰদশনে মুহিলে দৰ্শকক। যোৱা ১১ জুলাই পুৱাৰে পৰা গায়ন বায়ন, অখণ্ড হৰিনামৰ ধ্বনিৰে জীপাল কৰি তুলে নামঘৰৰ প্ৰাংঙ্গণ । এক আধ্যাত্মিক পৰিৱেশৰ মাজত দুদিনীয়া দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখনাৰ বালি গাঁৱৰ নাট্য মন্দিৰত বৰসবাহ আৰু ভাওনা প্ৰদশন অনুষ্ঠিত হয় ৷ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ৬ বজাত পৰিবেশ নিকাকৰণে কাৰ্যসূচী ৰূপায়ন হয় । ইয়াৰ পাছতে পুৱা ৯ বজাত থাপনা আৰু শৰাই স্থাপনৰ পাছতে অখণ্ড নাম প্ৰসঙ্গ নিশা ৯ বজাত সামৰণি পৰে। একেদৰে বৰসবাহৰ দ্বিতীয় দিনা পুৱা সমূহীয়া নাম প্ৰসঙ্গৰ পাছতেই অনুষ্ঠানৰ সামৰণি নিশা ঢকুৱাখনা বালি গাঁৱৰ কন কন শিশু সকলৰ দ্বাৰা ”কুলাচলৰ মুক্তিলাভ" নামৰ ভাওনাখনি প্ৰদৰ্শন কৰা হয়। ইপিনে কন কন শিশু সকলৰ নাট পৰিৱেশনৰ পূৰ্বে গোপাল কোঁৱৰে শুভ-উদ্বোধন কৰা শিশু ভাওনা খনে দৰ্শকৰ বিপুল সহাৰি লাভ কৰিবলৈ সক্ষম হয় । উল্লেখ যে ঢকুৱাখনা বহু কেইজন শিক্ষা বিদৰ লগতে ঢকুৱাখনা বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজৰ উপস্থিত থকা ভাওনা খনি সামগ্ৰীক পৰিচালনা কৰে মাজুলীৰ সত্যেন্দ্র দত্তই ৷ কন  কন শিশু সকলৰ বলিষ্ঠ অভিনয়েৰে সীমিত সুবিধাৰে পোহৰ আৰু সংগীতেৰে নাটখনক অন্যান্য মাত্ৰা প্ৰদান কৰে । নাটখনত মঞ্চায়নত সহযোগ বালিগাঁৱৰ কণ কণ শিশু সকলে প্ৰদৰ্শন কৰা ভাওনাখনিত শিশু ভাৱৰীয়া সকলৰ সুন্দৰ অভিনয়ে দৰ্শকক আপ্লুত কৰা উপৰিও বালি গাঁৱৰ ৰাইজে কনকন শিশু সকলকলৈ কৰা এনে প্ৰদক্ষেপক সকলোৱে শলাগ লয় ।