আত্মসহায়ক গোট জড়িতে আত্মনিৰ্ভৰশীল হৈ সমাজলৈ অৱদান আগবঢ়াই অহা মহিলা সকলক উৎসা প্ৰদান কৰা উদেশ্য ভাৰতীয় ষ্টেট বেংক মৰাণ শাখাৰ উদ্যোগত তথা ভাৰতীয় ষ্টেট বেংকৰ তিলৈ আৰু খোৱাং শাখাৰ সহযোগত আজি তিলৈ নগৰ গ্ৰাম্য প্ৰেক্ষাগৃহত অনুষ্ঠিত হল মোৰ বেংকঃ মোৰ আত্মসহায়ক গোট শীৰ্ষক কাৰ্যসূচী । আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দেখুৱাত আত্মসহায়ক গোটবোৰৰ ভূমিকা সমাজত অভূতপূর্ব। আত্মসহায়ক গোটসমূহক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে অনুষ্ঠিত অনুষ্ঠানটিত ভাৰতীয় ষ্টেট বেংকৰ মৰাণ শাখাৰ মুখ্য প্ৰৱন্ধক ঈপ্সীতা ভৌমিক, তিলৈ শাখাৰ শাখা প্ৰৱন্ধক জ্ঞানদ্বীপ কোচঁ, খোৱাং শাখাৰ শাখা প্ৰৱন্ধক শৰ্মিষ্ঠা দাস উপস্থিত থাকে। । অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় ষ্টেট বেংকৰ ডিব্ৰুগড় প্ৰশাসনিক কাৰ্যালয়ৰ উপ মহা প্ৰবন্ধক আফতাব আহমেদ মালিক, ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্রীয় বাণিজ্য কাৰ্যালয়, ডিব্ৰুগড়ৰ সহকাৰী মহা প্ৰবন্ধক নিৰজ শ্বাহ, পলাশ হাজৰিকা, খণ্ড উন্নয়ন বিষয়া, খোৱাং, কমলাকান্ত গোৱালা
জিলা প্ৰকল্প প্ৰবন্ধক, ডিব্ৰুগড়, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, প্ৰশান্ত দত্ত অধ্যক্ষ মৰাণ Junior College,
অমৃত দে মুখ্য প্ৰৱন্ধক প্ৰশাসনিক কাৰ্যালয় ডিব্ৰুগড়। ভাৰতীয় ষ্টেট বেংকৰ মৰাণ শাখাৰ জ্যেষ্ঠ সহায়ক পাৰ্থ প্ৰতীম ফুকনে আঁত ধৰা অনুষ্ঠানটি আত্মসহায়ক গোট জড়িতে আত্মনিৰ্ভৰশীল হোৱাৰ শতাধিক মহিলাই সম্বৰ্ধনা জনোৱা লগতে বেংকৰ তৰফৰ পৰা লাভ কৰা ঋণ চেক প্ৰদান কৰে বেংকৰ কতৃপক্ষই। ভাৰতীয় ষ্টেট বেংকৰ মৰাণ শাখাৰ মুখ্য প্ৰৱন্ধক ঈপ্সীতা ভৌমিকে এই অনুষ্ঠানত অংশ লৈ সাংবাদিক আগত কয় যে আত্মসহায়ক গোটবোৰত থকা মহিলা সকলে ভাৰতীয় অৰ্থনীতি তথা বিকাশত গাওঁ অঞ্চলবোৰৰ পৰাই নিজৰ নিষ্ঠাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। গোটবোৰে নিজৰ ঘৰখনৰ লগতে গাওঁখনক স্বাৱলম্বী হবলৈ অৰিহণা যোগাইছে।তেওঁ জনাই যে অনুষ্ঠানটোত বেংকে ৭২ টা নতুন আত্মসহায়ক গোটক লোণ বিতৰণ কৰাৰ লগতে দুই -তিনিবছৰ পূৰ্ৱে গঠিত আত্মসহায়ক গোটবোৰক ৩ লাখ টকাকৈ লোণ মুকলি কৰে।
ভাৰতীয় ষ্টেট বেংকৰ আঞ্চলিক বাণিজ্য কাৰ্যালয়, ডিব্ৰুগড়ৰ সহকাৰী মহা প্ৰবন্ধক নিৰজ শ্বাহে জনাই যে ভাৰতীয় ষ্টেট বেংকে আত্মসহায়ক গোটবোৰক সন্মানিত তথা উৎসাহ যোগোৱাৰ উদ্দেশ্যেৰে এই অনুষ্ঠান আয়োজন কৰা হৈছে। বেংকৰ লগত আত্মসহায়ক গোটবোৰৰ এক এৰাব নোৱাৰা সম্পৰ্ক জড়িত হৈ আছে।