বলাহী চামপৰা মীন মহলত আৰক্ষীৰ অভিযানত জাল জব্দ।

অসম মীন উন্নয়ন নিগম লিমিটেডৰ অন্তৰ্গত ঢকুৱাখনা মহকুমাত অৱস্থিত বলাহী চামপৰা মীন মহলত দীৰ্ঘদিন ধৰি অব্যাহত থকা ৰাজহ ফাঁকিৰে চোৰাং মাছৰ বেপাৰ বিৰুদ্ধে কঠোৰ হৈছে লাক্ষীমপুৰ জিলা প্ৰশাসন আৰু ঘিলামৰা আৰক্ষী।

মীন উন্নয়ন নিগমে মীন মহলৰ বিপৰীতে নিবিদা আহ্বান কৰাৰ পাছত বৰ্তমান পৰ্যন্ত কোনো নিবিদাকাৰীকে স্থায়ী বন্দোবস্তি দিয়া নাই।এনে পৰিপ্ৰেক্ষিতত মীন মহলখনক নিজৰ পৈত্ৰিক সম্পত্তি হিচাপে গণ্য কৰি একাংশ মৎসজীৱীৰ জৰিয়তে অনিল দাস নামৰ এজন নিবিদাকাৰীযে মীন মহলখনত চোৰাং ভাবে মাছ ধৰা অভিযান চলাই গৈছিল।

এই অনৈতিক কাৰ্য সন্দৰ্ভত লাক্ষীমপুৰ জিলাৰ উপায়ুক্ত শোণিত স্বটৱানক অন্যতম নিবিদাকাৰী যুৱৰাজ দাসে সোমবাৰে লিখিত অভিযোগ দাখিল কৰাৰ পিছতে এই চোৰাং বেপাৰৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে প্ৰশাসন ।উপায়ুক্ত গৰাকীয়ে চৰকাৰী ৰাজহ ফাঁকিৰে অব্যাহত ৰখা এই অবৈধ বেপাৰ বিৰুদ্ধে বিধিগত ব্যৱস্থাৰ গ্ৰহণৰ নিৰ্দেশ দিয়ে ঢকুৱাখনা মহকুমাধিপতিক ।মহকুমাধিপতি অৰিন্দম বৰুৱাই ঘিলামৰা আৰক্ষী থানাক এই অবৈধ কাৰ্যত ব্যৱহত সকলো সামগ্ৰী জব্দ কৰাৰ নিৰ্দেশ দিয়াত আৰক্ষীয়ে মঙ্গলবাৰে নিশা অভিযান চলাই ।ঘিলামৰা থানা অচি চন্দন দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে মীন মহলখনৰ চামপৰা অংশৰ পৰা অবৈধ ভাবে মৎস্য চিকাৰ কৰি থকাৰ অৱস্থাত এখন বৃহৎ বেং জাল উদ্ধাৰ কৰি জব্দ কৰে।আৰক্ষীয়ে চৰকাৰী ভাবে কোনো নিবিদাকাৰীক মীন মহল খনৰ স্থায়ী বা দৈনিক ভিত্তিত বন্দোবস্তি নিদিয়াৰ পৰ্যন্ত কোনো ব্যক্তি অথবা নিবিদাকাৰীক অবৈধ মৎস্য চিকাৰ নকৰিবলৈ সকীয়াই দিছে।