নুমলীগড়ৰ মৰঙি ৰাজহ চক্ৰ বিষয়া কায্যালয়ৰ সমীপৰ দৃশ্য এয়া । তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। যোৱা ২০১৭ চনৰ পৰাই বগীঢলা চাহ বাগিচাত মালিক পক্ষই শ্ৰমিকক গুলীচালনা কৰা ঘটনাক কেন্দ্ৰ কৰি বন্ধ হৈ আছে বাগিচাখন । যাৰ ফলত তাত কৰ্মৰত হৈ থকা শ্ৰমিকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ দাবীৰ লগতে বাগিচা বন্ধ প্ৰত্যাহাৰ কৰাৰ দাবীত আটছা গোলাঘাট শাখাৰ উদ্যোগত মৰঙি ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপত এই প্ৰতিবাদ সাব্যস্ত কৰে । শীঘ্ৰেই এই সমস্যাৰ সমাধান নহলে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।