Golaghat Breaking...গোলাঘাট ৰঙাজান চাহ বাগিচাত মানৱ ভ্ৰোণ উদ্ধাৰ । পুৱাই তীব্ৰ চাঞ্চল্য বাগিচাখনট। পুৱা গোলাঘাট ৰঙাজান চাহ বাগিচাৰ এখন ফাৰ্মাছিৰ সমীপত এটা মানৱ ভ্ৰোণ প্ৰত্যক্ষ কৰে বাগিচা খনৰ এগৰাকী মহিলা শ্ৰমিকে। উক্ত ঘটনাৰ খবৰ বাগিচাত বিয়পি পৰাৰ লগে লগেই ঘটনাস্থলীত একাংশ লোক উপস্থিত হয়।এখন দৰৱৰ দোকানৰ সমীপত এই মানৱ ভ্ৰোণ উদ্ধাৰ হোৱক লৈ এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলটোত। স্থানীয় এগৰাকী মহিলাই বক্তব্য আগবঢ়ায় কয় যে নিশা প্ৰায় তিনি বজাত এগৰাকী মহিলাই উক্ত ফাৰ্মাচীত পেটৰ বিষৰ বেজী লোৱাৰ কথা উল্লেখ কৰে। ইফালে ফাৰ্মাচীৰ স্বত্বাধিকাৰীয়ে উক্ত ঘটনা সম্পৰ্কে অৱগত নহয় বুলি জানিবলৈ দিয়ে। আনহাতে উক্ত ঘটনাৰ লগত ৰাজা তাঁতী নামৰ এজন যুৱক জড়িত থকাৰ সন্দেহ প্ৰকাশ স্থানীয় লোকৰ ৷