মাতৃক বিছাৰি নিশা মাজুলীত লুৰিণ জ্যোতি গগৈ!
ছয় মাহৰ পাছত পুত্ৰ ক কাষত পাই আৱেগিক মাতৃ!
এঠা দৈৰে মুখ মিঠা কৰিলে পুত্ৰ লুৰিন ৰ
সাধাৰণতে এনে নঘটে। ঘটিল লুৰিণ জ্যোতি গগৈ আৰু মাজুলীৰ এগৰাকী মাতৃৰ মাজত।
প্ৰাক্তন আছু নেতা তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈক পুত্ৰ হিচাপে পোৱাৰ আশা বুকুত বান্ধি ৰাখিছিল মাজুলীৰ আলিমুৰ গাৱৰ এই গৰাকী মাতৃয়ে।মনত পুহি ৰখা সেই সপোন দিঠকত পৰিণত হৈছিল।
মাতৃ গৰাকীৰ সেই আশা পূৰণ কৰিছিল লুৰিণ গগৈয়ে। ৬ মাহ পূৰ্বে অনুষ্ঠিত উপ নিৰ্বাচনৰ সময়ত লুৰিণে কাষত পাইছিল পুত্ৰ জ্ঞান কৰা সেই ছুনু দাস নামৰ মহিলা গৰাকীক।
তেতিয়াৰে পৰা ছুনু দাস ৰ পুত্ৰ হৈ পৰিছিল লুৰিন।
. ছয় মাহৰ পাছত পুত্ৰ লুৰিন জ্যোতি গগৈ মাজুলীৰ মাতৃৰ কাষলৈ আহিছে। হাতত মোনা লৈ মঙ্গলবাৰে নিশা মাজুলীৰ আলিমুৰ এই ঘৰ খনলৈ আহে পুত্ৰ লুৰিন । লগত জিয়াউৰ ৰহমান আৰু ৰাজু ফুকন।
পুত্ৰ ক কাষত পাই ব্যাকুল মাতৃৰ মন। সাবতি ধৰিলে পুত্ৰ লুৰিন ক। ঘৰৰ আঠা দৈ ৰে মুখ মিঠা কৰিলে লুৰিন জ্যোতি গগৈৰ।
বাৰীৰ পুখুৰীত পুত্ৰ লুৰিন লৈ চিতল পুহি ৰাখিছে মাতৃয়ে, এই কথাও কলে মাতৃয়ে।
৬ মাহৰ পিছত মাতৃৰ কাষলৈ অহা লুৰিন ক দিলে উপহাৰ।
আৱেগিক লুৰিন।
মাতৃ স্নেহ ৰ এই সৰল ছবিয়ে ইয়াকেই কলে "আইৰ সমান হব কোন,নৈৰ সমান বব কোন "