মাজুলী স্পৰ্টচ কাৰাটে ক্লাৱ (কায়াস্ত্ৰ) ৰ সফলতাঃ

 মাজুলী জিলা কাৰাটে সন্থাৰ উদ্যোগত উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্টি সংঘত যোৱা ১১ ছেপ্টেম্বৰত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক কাৰাটে চেম্পিয়নশ্বিপ প্ৰতিযোগিতা-২০২২ত মাজুলী স্পৰ্টচ কাৰাটে ক্লাৱ (কায়াস্ত্ৰ)ই বিশেষ সফলতা অৰ্জন কৰিছে। মাজুলী জিলাৰ বিভিন্ন ঠাইৰ ১০টা ক্লাৱৰ মুঠ ১৬৫ জন প্ৰতিযোগিৰ ভিতৰত মাজুলী স্পৰ্টচ কাৰাটে ক্লাৱৰপৰা সৰ্বমুঠ ২৬ জনে অংশগ্ৰহণ কৰি ২৬ জনেই মেডেল লাভ কৰিবলৈ সক্ষম হৈছে। তাৰে ১৬ টা গ'ল্ড, ১৪ টা ছিলভাৰ, ৮ টা ব্ৰঞ্জৰ মেডেল লাভ কৰে। উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে গুৱাহাটীত অনুস্থিত হৈ যোৱা যুৱ অলিম্পিক-২০২২ ত উক্ত ক্লাৱৰপৰা প্ৰশিক্ষক দীপাঞ্জলি পায়েঙৰ নেতৃত্বত দুজনে অংশগ্ৰহণ কৰি দুয়োজনে মেডেল আজুৰি আনিবলৈ সক্ষম হৈছিল। মাজুলী স্পৰ্টচ কাৰাটে ক্লাৱ (কায়াস্ত্ৰ)ৰ এনে সফলতাত স্থানীয় ৰাইজে উৎফুল্লিত হৈছে।