।।ভাৰত স্কাউট এণ্ড গাইড শিতান।।

ধনশিৰি অপেন স্কাউট প্ৰশিক্ষণ কেন্দ্ৰ, গোলাঘাট ৰ ৫জন শিক্ষাৰ্থীলৈ ৰাজ্যপালৰ পুৰস্কাৰ,

 গোলাঘাট জিলাৰ এৰেঙ্গাপাৰ ৰূপজ্যোতি নগৰ মধ্য ইংৰাজী বিদ্যালয়ত স্থিত ধনশিৰি অপেন ট্ৰুপ ,গোলাঘাটে এইবাৰ ভাৰত স্কাউট এণ্ড গাইড শিতানত ৫টা , গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে 4টা গাড়ীগাও উচ্চ মাধ্যমিক বিদ্যালয়ে 1টা সৰ্বমুঠ গোলাঘাট জিলা‌ খনলৈ ১০টা ৰাজ্যপাল পুৰস্কাৰেৰে গৌৰৱ কঢ়িয়াই আনিছে । স্কাউট প্ৰশিক্ষণ কেন্দ্ৰ টোৰ মুখ্যপ্ৰশিক্ষক শ্ৰী পাৰ্থ জ্যোতি বৰা ৰ একান্ত প্ৰচেষ্টাত ও জিলাখনৰ বিশিষ্ট ব্যক্তি সকলৰ আশীৰ্বাদ ও সহযোগ ত 2019 চনৰ 3 এপ্ৰিল ত গোলাঘাট জিলাখনত ভাৰত স্কাউট এণ্ড গাইড ৰ প্ৰথম টো স্কাউট-গাইড নথকা সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী য়ে অংশগ্ৰহণ কৰিব পৰাকৈ মুকলি প্ৰশিক্ষণ কেন্দ্ৰ ( অপেন ট্ৰুপ) আৰম্ভ কৰা হৈছিল। প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা প্ৰথম বাৰ ৫ জন ছাত্ৰ ই গুৱাহাটী কমাৰ্চ কলেজত অনুষ্ঠিত হোৱা ৰাজ্য পুৰস্কাৰ পৰীক্ষা তথা প্ৰশিক্ষণ শিৱিৰত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিল আৰু সুভাগ্যক্ৰমে চাৰিও ছাত্ৰ ই জিলাখনৰ ভিতৰত প্ৰথম পাবলৈ সক্ষম হয় । ধনশিৰি অপেন স্কাউট প্ৰশিক্ষণ কেন্দ্ৰ ৰ ছাত্ৰ সকল ক্ৰমে অৰুপ জ্যোতি গগৈ,ৰিতু সিং,ৰাজ শৰ্মা ,ৰিজুৱান হক , প্ৰাঞ্জল ৰায়। গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ সকল ক্ৰমে ব্ৰক্ষ্মজিৎ দাস, বেদান্ত শইকীয়া,ৰিতুৰাজ গগৈ, জয়দ্বীপ চৰকাৰ, আৰু গাৰীগাও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৱিত্ৰ গগৈ য়ে এই পুৰস্কাৰ পাবলৈ সক্ষম হয়। ধনশিৰি অপেন স্কাউট প্ৰশিক্ষণ কেন্দ্ৰ গোলাঘাট ও জিলাখনৰ ছাত্ৰ সকল ৰ এই সাফল্যত অপেন স্কাউট প্ৰশিক্ষণ কেন্দ্ৰ ৰ পৰিয়াল, বিদ্যালয় সমূহ ৰ পৰিয়াল, ভাৰত স্কাউট এণ্ড গাইড গোলাঘাট জিলা সমিতিৰ সম্পাদক মহোদয় কৰে প্ৰমুখ্য কৰি সমূহ বিষয়ববীয়া ‌সকল, জিলা প্ৰশাসন, জিলা শিক্ষা বিষয়া, অভিভাৱক, স্হানীয় ৰাইজ সকলোৱে গৌৰৱ অনুভৱ ও আনন্দ লাভ কৰিছে।