উজনি মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ খাদ্যমেলা . উপায়ুক্ত পুলক মহন্ত ৰ অশংগ্ৰহণ

 জেংৰাইমুখ পঞ্চায়তত পোষণ মাহ উপলক্ষে খাদ্য মেলা : প্ৰসুতি মহিলা আৰু শিশু পুষ্টিকৰ আহাৰ প্ৰদান কৰাৰ সজাগতা মুলক কাৰ্যসূচী

১ চেপ্তেম্বৰৰ পৰা ৩০ ছেপ্তেম্বৰলৈ চলি আছে ৰাষ্ট্ৰীয় পোষণ মাহ ৷ সমাজ কল্যাণ বিভাগৰ অধীনত উজনি মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্প আৰু উজনি মাজুলী খণ্ড উন্নয়ন কাৰ্যালয়ৰ সহযোগত ৮ খন পঞ্চায়তত পোষণ পঞ্চায়ত অনুষ্ঠিত হৈছে। 

এই উপলক্ষে আজি জেংৰাইমূখত অনুষ্ঠিত হয় খাদ্য মেলা। 

আজি অনুষ্ঠিত হোৱা খাদ্য মেলাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত পুলক মহন্ত। 

লগতে উপস্থিত থাকে বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে সমাজকৰ্মী, মাতৃগোট, আত্মসহায়ক গোট, গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ, কিশোৰী আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷ আজিৰ এই খাদ্য মেলাত নলটেঙা , টেঙেচী, মচন্দৰী , পদিনা, কলদিল, ৰঙলাঁও, ভেদাইলতা, কচুথুৰ, মানিমুনি, টেঙামৰা, ঢেকীয়া আদিৰ ওপৰিও পৰআপিং , বিভিন্ন পুষ্টিকৰ খাদ্য ৰান্ধি পৰ্দশন কৰাৰ লগতে আৰু প্ৰসুতি সকলক খাদ্যভাষৰ ওপৰত শিক্ষা প্ৰদানৰ বাবে আজিৰ এই অনুষ্ঠান অনুষ্ঠিত হয় ৷ 

ৰাষ্ট্ৰীয় পোষণ মাহ, ২০২২ ৰ বিষয়বস্তুৰ ওপৰত সংগতি ৰাখি জিলা উপায়ুক্তই জনসাধাৰণ আৰু প্ৰসুতি সকলক সুখাদ্য আৰু পুষ্টিকৰ খাদ্য খোঁওৱাৰ ওপৰত সজাগতমূলক মন্তব্য আগবঢ়ায়৷ 

সৱল নাৰী, স্বাক্ষৰ শিশু আৰু সুস্থ ভাৰতৰ মূল বিষয়বস্তুক লৈ বিশেষকৈ গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ আৰু কিশোৰীসকলৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে উজনি মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ তত্বাবধায়ক পলী ভৰালীয়ে ৷ নাৰী সকলৰ সৱলীকৰণৰ ক্ষেত্ৰত সমাজে কি কি অৱদান তথা সহায় সহযোগিতাৰ আগবঢ়াব লাগে, শিশু সকলক স্বাক্ষৰিত কৰি কিদৰে এখন সুস্থ সৱল তথা এক নতুন ভাৰত গঢ়ি তুলিব পাৰে সেই বিষয়ে পুংখানুপুংখভাৱে উপস্থিত ৰাইজক অৱগত কৰে উজনি মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ চি ডি পি অ জ্যোতিষ দত্তই ৷ তাৰোপৰি পোষণ অভিযানৰ উদ্দেশ্য আৰু লক্ষ্যৰ ওপৰত বহলাই আলোকপাত কৰে সমাজকল্যাণ বিভাগ আৰু পোষণ অভিযানৰ বিষয়া কৰ্মচাৰী সকলে৷ মহিলা আৰু কিশোৰী সকলৰ ৰক্তহীনতা দূৰ কৰাৰ লগতে শিশু সকলৰ পুষ্টিহীনতা দূৰ কৰা আৰু এই ক্ষেত্ৰত সমাজে কেনেধৰণৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব সেই বিষয়ে সভাত আলোচনা কৰা হয় ৷ আজি খাদ্য মেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সজাগতা সভা খনৰ সভাপতিত্ব কৰে সমাজ কৰ্মী প্ৰেমধৰ  দলেই।