SLUGNAME: Assamese workers stranded in Arunachal Pradesh.

কামৰ প্ৰলোভনেৰে মহিলা আৰু শিশুসহ অসমৰ ৬গৰাকী শ্ৰমিকক অৰুণাচল প্ৰদেশত আৱদ্ধ কৰি ৰখাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বিগত ১ টা বছৰে অৰুণাচল প্ৰদেশৰ দুৰ্গম স্থানত আৱদ্ধ হৈ আছে গোলাঘাট জিলাৰ শ্ৰমিক কেইজন। আৱদ্ধ হৈ থকা শ্ৰমিককেইজন ক্ৰমে চমৰা পতৰ, সুনিতা পতৰ,নুৰুদ্দিন আলি,ৰেজিনা বেগম আৰু দুটি শিশু ক্ৰমে চিৰাজুদ্দিন আলি আৰু নুৰেজা বেগম। শ্ৰমিক কেইজনৰ ঘৰ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ ২নং ৰজাপুখুৰী গাওঁৰ বুলি জানিব পৰা গৈছে। কামৰ প্ৰলোভন দি খাপেখাটিৰ বিপুল নামৰ এজন লোকে অৰুণাচল প্ৰদেশৰ আপাৰ শোৱনশিৰি জিলাৰ ডাপৰ জুতলৈ এটা বছৰ পূৰ্বে লৈ গৈছিল শ্ৰমিক কেইজনক। কিন্তু শেহতীয়াকৈ আৱদ্ধ হৈ থকা এজন শ্ৰমিকে প্ৰেৰণ কৰা এটা ভিডিঅ বাৰ্তাই শ্ৰমিকসকলৰ দুৰ্দশাৰ ছবিখন স্পষ্ট হৈ পৰিছে। বৰ্তমান শ্ৰমিক কেইজনক বিভিন্ন ভয় ভাবুকি আৰু শাৰীৰিক অত্যাচাৰ চলাই আৱদ্ধ কৰি ৰাখিছে বুলি ভিডিঅ বাৰ্তাটোৰ জড়িয়তে প্ৰকাশ কৰিছে। বিভিন্ন সময়ত অৰুণাচল প্ৰদেশৰ পৰা পলায়নৰ চেষ্টা চলাইছিল যদিও শ্ৰমিক কেইজনে এইপৰ্যন্ত সফল হ'ব পৰা নাই। ভিডিঅ বাৰ্তাটোৰ জড়িয়তে শ্ৰমিককেইজনে তেওঁলোকক যিকোনো প্ৰকাৰে অৰুণাচল প্ৰদেশৰ পৰা উদ্ধাৰ কৰাৰ বাবে আহ্বান জনাইছে। ইপিনে এই সমগ্ৰ ঘটনা সন্দৰ্ভত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকক গোলাঘাট জিলা আমছুয়ে এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰি আৱদ্ধ শ্ৰমিক সকলক উদ্বাৰৰ বাবে অসম আৰক্ষীৰ সহায়ৰ