তামিলনাডুৰ এটা বিষ্ণু মন্দিৰত থকা অসমৰ হাতী জয়মালাক ঘূৰাই আনিবলৈ সক্ষম নোহোৱাত এতিয়া অসম চৰকাৰে বিষয়টো সন্দৰ্ভত কাষ চাপিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

অসমৰ প্ৰধান বন সংৰক্ষক এম কে যাদৱে আজি সংবাদ মাধ্যমৰ আগত এই কথা জানিব দি কয় যে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন প্ৰতিবেদন দাখিল কৰিছো এতিয়া মাননীয় আদালতে কি নিৰ্দেশ প্ৰদান কৰে সেয়া লক্ষ্যণীয় হ’ব।

উল্লেখ্য যে, তামিলনাডুত অসমৰ হাতী জয়মালাক তীব্ৰ অত্যাচাৰ চলোৱা হৈছিল বুলি ছ’চিয়েল মিডিয়া তথা সংবাদ মাধ্যমত কিছু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি গোটেই বিষয়টো নিৰীক্ষণ কৰিবলৈ অসম চৰকাৰে তামিলনাডুলৈ এটা চাৰিজনীয়া দল প্ৰেৰণ কৰিছিল।

এই দলটোত আছিল অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হিৰ্দেশ মিশ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ কুশল কোঁৱৰ শৰ্মা, মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন আৰু তিনিচুকীয়া জিলা পশু চিকিৎসা আৰু পশুপালন বিষয়া ডাঃ ৰূপজ্যোতি কাকতি।

এই দলটোৱে ২ ছেপ্তেম্বৰতে তামিলনাডুলৈ গৈছিল যদিও তাৰ চৰকাৰে অনুমতি নিদিয়াৰ বাবে আজি পৰ্যন্ত জয়মালাকে ধৰি আন আঠটা হাতী কেনে আছে সেই বিষয়ে একো জানিব পৰা নাই চাৰিজনীয়া দলটোৱে।

১২ দিন উকলি যোৱাৰ পিছতো কোনো সুফল নেদেখাত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে।