চৰাইদেউ জিলাত কৃষকৰ সাহাকাৰ পৰিস্থিতি

চৰাইদেউ জিলাত কৃষকৰ সাহাকাৰ পৰিস্থিতি ৷ কৃষকৰ প্ৰাপ্যৰ ধন বিছাৰি এঙেৰা তিনি আলি স্থিত NAFED ৰ ধান ক্ৰয় কৰা গুদামত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি বহুবাৰ চৰাইদেউ জিলা উপায়ুক্ত ক অভিযোগ দিয়াৰ পাছতো কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ কৃষি বিভাগ ৷

ৰাজ্যৰ কৃষক সকলক আৰ্থিক সকাহ দিয়াৰ লগতে কৃষক সকলক সমৰ্থিত মূল্য আদায় দি ধান ক্ৰয় কৰাৰ উপলক্ষত চৰকাৰে কৃষি বিভাগৰ অধীনত প্ৰতি কুইণ্টল ধান ১৯৪০ টকা দৰত কৃষক সকলৰ পৰা ক্ৰয় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। বিভাগীয় নিৰ্দেশনা অনুসৰি? কৃষক সকলে মাটিৰ বিতং তথ্য আৰু মবাইল নম্বৰ, আধাৰ নম্বৰ সহ ধান বিক্ৰীৰ পূৰ্বে নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক আছিল। ইয়াৰ আধাৰতে সম্পূৰ্ণ বিধিগত ভাৱে সেই অনুসৰি চৰাইদেউ জিলাৰ এঙেৰা তিনিআলিত থকা

ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন অৱ ইণ্ডিয়া লিমিটেড চমুকৈ নাফেডৰ গুদামত নাজিৰা মহকুমাৰ বাণ্টুং গাওঁ পঞ্চায়তৰ প্ৰায় আশী গৰাকী কৃষকে বিগত জুন মাহত বিক্ৰীৰ বাবে ধান জমা দিয়ে। কিন্তু আজি তিনি মাহ কাল ধৰি সংশ্লিষ্ট কৃষক সকলে ধান বিক্ৰীৰ বাবদ পাবলগীয়া ধন আদায় পাবলৈ সক্ষম হোৱা নাই। কষ্টোপাৰ্জিত ধান বিক্ৰীৰ বাবদ প্ৰাপ্য ধন আজিকোপতি পাবলৈ সক্ষম নোহোৱাত চৰম হতাশ হৈ, পৰিছে সংশ্লিষ্ট কৃষক সকল। এই সন্দৰ্ভত ভুক্তভোগী কৃষক সকলে নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ লগতে চৰাইদেউ জিলাৰ উপায়ুক্তক বিগত সময়চোৱাত আবেদন নিবেদন কৰিও কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰাপ্য ধনৰ পৰা বঞ্চিত হোৱা কৃষক সকলে নিজৰ পাবলগীয়া ধন কেতিয়া, কেনেকৈ আদায় পাবলৈ সক্ষম হব সেয়া বৰ্তমানৰ প্ৰেক্ষাপটত কৃষক সকলৰ বাবে এক চিন্তাজনক বিষয় হৈ পৰিছে।