নুমলীগড়ৰ দৈগ্ৰোংত ব্যতিক্ৰমী ৰূপত এদল মহিলাৰ ভাওনাৰ ব্যাপক অনুশীলন, প্ৰস্তুতি তুংগত।

নুমলীগড়ৰ দৈগ্ৰোংৰ দৃশ্য এয়া । এইসকল মহিলা আজি ব্যতিক্ৰম। মহিলাৰ কন্ঠই আজি সুকীয়া । কোনোগৰাকীৰ মুখত দাম্ভিক কথা । কোনো গৰাকীৰ লয়লাসেই সুকীয়া । সাজু হৈছে এক অনন্য ৰূপত । আচলতে দৈগ্ৰোং নাট্য মন্দিৰত বিশ্বকৰ্মা পূজা উপলক্ষ্যে এওলোকে আয়োজন কৰিছে এখন মহিলাৰ ভাওনা । "দানবীৰ ৰজা হৰিশ্চন্দ্ৰ উপাখ্যান" নামৰ ভাওনাৰ প্ৰস্ততি এতিয়া তুংগত । মুঠ ১৬ গৰাকী মহিলাই অভিনয় কৰিছে এইখন ভাওনাত। স্থানীয় এইসকল মহিলাৰ এনে কামে সকলোকে আকৰ্ষণ কৰিছে ।