অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে চাফাজুল হুছেইন "চুইট ছাৰে"। 

উজনি অসমৰ স্ত্ৰী শিক্ষাৰ অন্যতম আগশাৰী শিক্ষানুষ্ঠান পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, মৰমৰ "চুইট চাৰ"য়ে আজি জীৱনৰ মেলানি মাগিলে। প্ৰায় ৮০ বছৰ বয়সত দেহাৱসান হোৱা প্ৰাক্তন অধ্যক্ষ চাফাজুল হুছেইন (চুইট ছাৰ) জীৱনৰ বিয়লি বেলা অতি দুৰ্বিসহ, কৰুণ জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল। পত্নীৰ বিয়োগৰ পাছত একমাত্র কন্যায়ে জীৱন যাপনৰ কৰে বিদেশত। প্ৰাক্তন অধ্যক্ষ চাফাজুল হুছেইনক এটা বন্ধ কুঠৰীত নিসংগতাৰে সময় পাৰ কৰাবলগীয়া পৰিস্থিতিলৈ আহি পৰিছিল। "আলঝেইমাৰ" ৰোগত আক্ৰান্ত ছাফাজুল হুছেইনক বিদেশত থকা একমাত্ৰ কন্যা আচমাই এগৰাকী "কেয়াৰ টেকাৰ" নিয়োগ কৰিছিল। এনে অৱস্থাত বন্ধ কুঠৰীৰ মাজত এটুকুৰা কাপোৰ নোহোৱাকৈয়ে চুচৰী-বাগৰি জীৱন অতিবাহিত কৰে সকলোৰে মৰম আৰু শ্ৰদ্ধাৰ চুইট চাৰে। ইফালে, এই সন্দৰ্ভত সংবাদ পৰিবেশন হোৱাৰ পাছতেই "হিউমেন ছছিয়েল ৱেলফেয়াৰ" নামৰ নাজিৰাস্থিত এন জি অ'য়ে প্ৰাক্তন অধ্যক্ষ গৰাকীৰ দায়িত্ব লৈ চিকিৎসাৰ ব্যৱস্থা কৰে। সেইমৰ্মে, এন জি অ'টোৰ তত্বাৱধানত অধ্যক্ষ গৰাকীক ডিব্ৰুগড়ত উন্নত চিকিৎসা সেৱা দিয়াৰ অন্তত "হিউমেন ছছিয়েল ৱেলফেয়াৰ"ৰ নাজিৰাস্থিত কাৰ্যালয়লৈ নিয়া হয়। শাৰীৰিক অৱস্থা কিছু পৰিমাণে উন্নত হয় যদিও আজি পুৱা প্ৰাক্তন অধ্যক্ষ গৰাকীৰ মৃত্যু হয়। ইফালে, আজি বিয়লি ভাগত প্ৰাক্তন অধ্যক্ষ চাফাজুল হুছেইন, সকলোৰ মৰমৰ "চুইট চাৰ"ৰ শৱদেহ জন্মনগৰী সোণাৰিলৈ অনা হয়। পদ্মকুমাৰী বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন অধ্যক্ষ গৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জনায় বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে গুণমুগ্ধই। সোণাৰি নগৰস্থিত প্ৰাক্তন অধ্যক্ষ গৰাকীৰ গৃহলৈ শৱদেহ নিয়া হয় আৰু তাতে বিভিন্ন দল-সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ অন্তত সোণাৰি সদৰ মছজিদৰ জাম্মাতৰ লগতে আত্মীয় সকলে প্ৰাক্তন অধ্যক্ষ "চুইট চাৰ"ৰ জানাজা সম্পন্ন কৰে।