প্ৰসংগ: আহোম মূৰ্দাবাদ ধ্বনি
বিধায়িকা আঙুৰলতা ডেকাৰ নেতৃত্বত হোৱা এক প্ৰতিবাদত "আহোম মূৰ্দাবাদ" ধ্বনি দিয়া শ্ৰুতিগোচৰ হৈছিল । বিষয়টোক লৈ অসমৰ সৰ্বত্ৰে প্ৰতিবাদ হোৱা দৃষ্টিগোচৰ হৈছে।
শাসনাধিষ্ট BJP দলে ভাইৰেল হোৱা এই ভিডিঅ টো edit কৰা বুলি ইতিমধ্যে এক স্পষ্টিকৰণ দিছে ।যুক্তিৰ খাতিৰত এইটো মানি লব পাৰি কিন্তু চৰকাৰৰ এক বিয়াগোম দপ্তৰ আছে গৃহ বিভাগ নামাকৰণে । কোনে এনে ধৰণৰ কথা ভাইৰেল কৰি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে আৰু ইয়াৰ লগত কোন কোন পক্ষ জড়িত হৈ আছে এইটো কিয় স্পষ্ট কৰা নহ'ল । এটা মাত্ৰ বিবৃতি দি গা এৰা দিয়া মনোভাৱ দেখুওৱা চৰকাৰখনে কিয় এই পৰ্য্যন্ত এই ক্ষেত্ৰত জড়িত সকলক চিনাক্তকৰণ কৰিব পৰা নাই । যদি সঁচাকৈ সদিচ্ছা আছে তেন্তে চৰকাৰ খনে অনতি পলমে "আহোম মূৰ্দাবাদ"ধ্বনি দিয়া ব্যক্তি সকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক আৰু আঙুৰলতা ডেকাই ৰাজহুৱা ভাৱে নিজৰ নৈতিক দায়বদ্ধতা স্বীকাৰ কৰি ক্ষমা খোজক ।
নহলে আমি তেওঁলোকে মিছা বিবৃতি জাৰি কৰি ৰাইজক আভুঁৱা ভৰিছে বুলি ভাবিবলৈ বাধ্য হম।