বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণি মহাবিদ্যালয়ত ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান সন্দৰ্ভত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ মাজত আলোচন চক্ৰ সম্পন্ন

চৰাইদেউ জিলাৰ বৰহাট বৃহৎত্তৰ অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান "বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোৱঁ‌ৰণি মহাবিদ্যালয়"ত আগন্তুক ২৮-২৯ অক্টোব ২০২২ৰ তাৰিখে আয়োজন কৰিবলৈ লোৱা ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানৰ সন্দৰ্ভত মহাবিদ্যালয়ৰ সভাকক্ষত অধ্যাপক পৰাণ কটকীয়ে আঁ‌ত ধৰা অনুষ্ঠান প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ সভাপতি বিপ্লৱ গগৈৰ পৌৰোহিত্যত এখনি সভা অনুষ্ঠিত হয় । চুচন চুতীয়াই সভাৰ উদ্দেশ্য ব্যাখা কৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰমোদ বৰগোহাঁইয়ে বহুমূলীয়া বক্তব্যৰ পাছতে,অধ্যাপক দীনেশ গগৈ, অধ্যাপক পৰাণ কটকী,প্ৰাক্তন ছাত্ৰ এনজয় দে, চিৰঞ্জীৱ গগৈ প্ৰমুখ্যে ভালেকেইজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ গঠনমূলক দিহা-পৰামৰ্শেৰে সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে জীপাল কৰি তোলে। উক্ত সভাত মহাবিদ্যালয়ৰ প্ৰায় অৰ্ধশতাধিক প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উপস্থিতি পৰিলক্ষিত হয় ।