বাক্সা: চৰকাৰী চাকৰি লাভেই ছাত্ৰ- ছাত্ৰীসকলৰ জীৱন লক্ষ্য হোৱা উচিত নহয় ৷ শিক্ষা-দীক্ষা গ্ৰহণ কৰি এগৰাকী সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব লাগে ৷ তেতিয়াহে সমাজৰ তথা দেশৰ উন্নয়ন হব ৷ এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱাৰ ৷ আজি বাক্সা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তথা বাস্কা আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত মুছলপুৰ সদৰত থকা সাংস্কৃতিক প্ৰকল্পত ২০২২ শিক্ষান্ত বৰ্ষত কৃতিত্বৰে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা অনুষ্ঠানৰ সম্বৰ্ধনা সভাত অংশ লৈ আছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱাই কয় যে অভিভাৱক সকলেও নিজৰ ল'ৰা-ছোৱালীৰ প্ৰতিভা অনুসৰিহে শিক্ষা প্ৰদান কৰিব লাগে ৷ তেতিয়াহে ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰিবলৈ সক্ষম হব ৷ বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি গোবিন্দ শৰণীয়াৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাখনত জিলাখনৰ প্ৰায় ২৩৬ গৰাকী ছাত্ৰ- ছাত্ৰী বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ সভাত ফুলাম গামোছা, গ্ৰন্থ আৰু মানপত্ৰৰে ছাত্ৰ- ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় ৷ সম্বৰ্ধনা সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকাই অংশগ্ৰহণ কৰি উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাই কয় যে ছাত্ৰ-ছাত্ৰীসকলক আজি আছুৰ মঞ্চত সম্বৰ্ধনা জনোৱাৰ পিচত পুনৰ যাতে সম্বৰ্ধনা দিব পাৰো তাৰবাবে লক্ষ্য স্থিৰ কৰিব লাগে ৷ আজি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ ৷ চাকৰিৰ সংখ্যা কম ৷ গোলকীকৰণে চাকৰিৰ সংখ্যা কমাই আনিছে ৷ সেয়ে প্ৰতিযোগিতাৰ এই বিশাল ক্ষেত্ৰখন বৰ্তি থাকিবলৈ সকলোৱে দৃঢ় হব লাগিব ৷ নিজৰ লক্ষ্য স্থিৰ কৰি ৰাখিব লাগিব ৷ জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক ডুলুজিৎ দাসে আঁতধৰা সভাখনত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অপূৰ্ব দাস, অসম উন্নতি সভাৰ বাক্সা জিলা সমিতিৰ সম্পাদক অমৰেন্দ্ৰ পাঠক, কেন্দ্ৰীয় সদস্য ধনেশ্বৰ দাস, বাস্কা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পংকজ নাথ, সম্পাদক হৰেকৃষ্ণ পাঠককে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Post Budget 2024 Picks | दिग्गजों से जानें बजट के बाद कौन से है सबसे Preferred Picks? |Business News
Post Budget 2024 Picks | दिग्गजों से जानें बजट के बाद कौन से है सबसे Preferred Picks? |Business News
ગારીયાધાર થી પચ્ચેગામ જતા માર્ગ પર કચરાના ગંજ જામ્યા
ગારીયાધાર થી પચ્ચેગામ જતા માર્ગ પર કચરાના ગંજ જામ્યા
DR Agarwals Eye Hospital Donation and its Challengers & Awareness Walkathon
DR Agarwals Eye Hospital Donation and its Challengers & Awareness Walkathon
ડીસા જી આઇ ડીસી માં ફૂડ એન્ડ ડ્રગ્સ વિભાગ ના દરોડા..
ડીસા જી આઇ ડીસી માં ફૂડ એન્ડ ડ્રગ્સ વિભાગ ના દરોડા,..
મસાલા ફેક્ટરી માં દરોડા પાડી મરચુ, હળદરના...