বিদ্যুৎপৃষ্ঠ হৈ আৰক্ষী জোৱানৰ মৃত্যু , জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিক্ৰিয়া 

চৰাইদেউ জিলাৰ বৰুৱানগৰ অঞ্চলত কালি পুৱা বৰহাট আৰক্ষী থানাত কৰ্মৰত গৃহৰক্ষী জোৱান হেমন্ত গগৈয়ে লংপটীয়াস্থীত নিজ গৃহৰ পৰা কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত ৰুপশ্ৰী পথত কছাৰী পথাৰ গাৱঁ‌ত পথত চিঙি পৰি থকা ১১০০০ কেভিৰ এডাল বৈদ্যুতিক তাৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে । বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে আৰক্ষী জোৱান জনৰ মৃত্যু হোৱা বুলি অভিযোগ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সাধাৰণ সম্পাদক লংকেশ্বৰ গগৈয়ে কয় যে বিদ্যুৎ বিভাগে সাধাৰণ লোকে বিদ্যুৎৰ মাছুল পৰিশোধ কৰাত পলম হ'লে গ্ৰাহকক হাৰাশাস্তি কৰি বিদ্যুৎ কৰ্তন কৰে। তেনে সময়তে বিদ্যুৎ বিভাগৰ ১১০০০ ভল্টৰ তাঁৰৰ সুৰক্ষা আৰু সাৱধানতাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বিদ্যুৎ পৃষ্ঠ হৈ কৰুণ মৃত্যুক সাৱটিৱ লগা হৈছে ঘৰখনৰ একমাত্ৰ উপাৰ্জন কৰা গৃহৰক্ষী জোৱানজন। লগতে সংগঠনটোৱে জোৱানজনৰ মৃত্যুত পৰিয়ালটোক উচিত ক্ষতিপূৰণৰ প্ৰদান কৰিবলৈ বিদ্যুৎ বিভাগক দাবী জনাইছে ।