নটসূৰ্য ফনী শৰ্মা বঁটা প্ৰাপক প্ৰবীন মঞ্চ আৰু চলচিত্ৰ অভিনেতা শিল্পী ভোলা কটকী এতিয়াও তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। জীৱনৰ বিয়লি বেলাত উচ্চ ৰক্তচাপজনিত কাৰনত তৃতীয়বাৰৰ কাৰনে এনেদৰে চিকিৎসালয়ত ভৰ্তি হৱ লগা হৈছে শিল্পীগৰাকী। ৩০ জুনৰ নিশা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আই.চি.ইউত ভৰ্তি কৰা হৈছিল শিল্পীগৰাকীক।বৰ্তমান শিল্পীগৰাকী বিপদমুক্ত যদিও সম্পূৰ্ণ সুস্থ হবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন।অসম চৰকাৰৰ সদিচ্ছা,আন্তৰিকতা আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ তৎপৰতাত তথা দায়িত্বত থকা চিকিৎসক-কৰ্মচাৰীসকলৰ আন্তৰিকতাৰ বাবেই চিকিৎসা সেৱা চলি আছে। বৰ্তমান শিল্পীগৰাকীৰ কিছু মগজুৰ উন্নতি পৰিলক্ষিত হৈছে যদিও হাত,ভৰি আৰু চকুৰ দৃষ্টি শক্তিৰ চিকিৎসা কিছু দিঘলীয়া হৱ।সেয়েহে নাট্য আৰু বোলছবি জগতৰ প্ৰৱীন শিল্পীগৰাকীৰ দ্ৰুত আশু-আৰোগ্যৰ বাবে অসমবাসীৰ শুভাশিস বিচাৰিছে শিল্পীগৰাকীৰ সৰু পুত্ৰ স্বৰাজ কটকীৰ লগতে পৰিয়ালৰ লোকসকলে।