মাজুলীত HIV ক লৈ সজাগতা সভা : গড়মূৰ জিলা কাৰাগাৰত স্বাস্থ্য সজাগতা অনুষ্ঠান

----------------------------------------------

মাজুলীৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান IMPACT- NE ৰ অধীনত পৰিচালিত Targeted Intervention Project on HIV/AIDS য়ে যোৱা ইংৰাজী ১১ ছেপ্টেম্বৰ তাৰিখে মাজুলী জিলা যক্ষ্মা দূৰীকৰণ আঁচনি আৰু YRG কেয়াৰ চেণ্টাৰৰ সহযোগিতাত এক সজাগতা অনুষ্ঠান আয়োজন কৰে। অনুষ্ঠানটোত কাৰাগৰ কৰ্তৃপক্ষই পূৰ্ণ সহযোগিতা আগবঢ়াই। অনুষ্ঠানটো উদ্বোধন কৰি জিলা কাৰাগাৰ বিষয়া শ্ৰীযুত ধৰ্মৰাম কলিতাই এনেধৰনে সজাগতা অনুষ্ঠান আয়োজন কৰা বাবে উদ্যোক্তা সকলক আন্তৰিক কৃতজ্ঞতা জনোৱাৰ লগতে জেলৰ আবাসী সকলকো সহযোগিতা কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত টি. আই. প্ৰকল্পৰ হৈ পৰিচালক ড° ভাস্কৰজ্যোতি বৰুৱা, দীপাংকৰ হাজৰিকা, সূচিত্রা শইকীয়া, বিক্ৰম দাস আৰু YRG কেয়াৰ চেণ্টাৰৰ পম্পী বৰুৱাই HIV/AIDS সংক্ৰমণৰ কাৰণ, প্ৰতিৰোধৰ উপায়, ইয়াৰ লক্ষণ, জনতাই লব লগা সাৱধানতা ইত্যাদি সম্পৰ্কত মাজুলীৰ সামগ্ৰিক প্ৰেক্ষাপটৰ ওপৰত ভিত্তি কৰি সজাগতামূলক বক্তব্য আগবঢ়াই। যক্ষ্মা দূৰীকৰণ আঁচনিৰ হৈ চৈয়দ আব্দুল ৰেকিব হুছেইন আৰু ধ্ৰুৱজিৎ শৰ্মাই যক্ষ্মা ৰোগৰ কাৰণ, ইয়াৰ লক্ষণ, প্ৰতিকাৰৰ উপায় ইত্যাদি সম্পৰ্কত বক্তব্য প্ৰদান কৰে। ইয়াৰ পিছতে অনুষ্ঠানত অংশগ্ৰহণ কৰা সৰ্বমুঠ ৩৫ জন কাৰাগাৰ আবাসীৰ HIV পৰীক্ষণ আৰু যক্ষ্মাৰোগ পৰীক্ষাৰ বাবে খেকাৰৰ নমুনা সংগ্ৰহ কৰা হয়। সমান্তৰালকৈ অংশগ্ৰহণকাৰী সকলৰ মাজত সজাগতামূলক গোহাঁৰি পত্ৰও বিতৰণ কৰে। অনুষ্ঠানৰ শেষত গড়মূৰ জিলা চিকিৎসালয়ৰ ICTC চেণ্টাৰৰ বিষ্ণু শৰ্মাই জিলা কাৰাগাৰ কৰ্তৃপক্ষৰ সকলো বিষয়া কৰ্মচাৰীৰ লগতে অনুষ্ঠানত উপস্থিত থকা সকলোকে শলাগ জ্ঞাপন কৰে।