চিলাপথাৰৰ চমকঙত মূৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্প, মূৰ্কংচেলেক উন্নয়ন খণ্ড আৰু জোনাই সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে পোষণ পঞ্চায়ত উদযাপন

শম্ভু দাস চিলাপথাৰ ১০ ছেপ্টেম্বৰঃ মূৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্প, মূৰ্কংচেলেক উন্নয়ন খণ্ড আৰু জোনাই সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে আজি চমকং ৰঙ্গমঞ্চত পোষণ পঞ্চায়ত কাৰ্য্যসূচী উদযাপন কৰা হয়। চমকং গাওঁ পঞ্চায়তৰ সভাপতি সুকুৰাম ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত কৰা অনুষ্ঠানৰ উদ্দেশ্যে ব্যাখ্যা আগবঢ়াই মূৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া পৰিস্মৃতা শইকীয়াই। সভাত ৰাষ্ট্ৰীয় পোষণ মাহৰ তাৎপৰ্য ব্যাখ্যা কৰি জোনাই মহকুমা নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰে কয় পহিলা ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে গোটেই ভাৰতবৰ্ষজুৰি ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে পালন কৰা হয় আৰু ইয়াৰ জৰিয়তে গৰ্ভৱতী, প্ৰসূতি,শিশু, কিশোৰ-কিশোৰী সকলে পৰিপুষ্টি খাদ্য গ্ৰহণ কৰি -যাতে নিজক পৰিপুষ্ট কৰি ৰাখিব পাৰে আৰু সুষম খাদ্যৰ দ্বাৰা সুষ্ঠ শাৰীৰিক স্বাস্থ্যৰ গৰাকী হ'ব পাৰে তাৰ ওপৰত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাটোৱেই মূল উদ্দেশ্য বুলি বক্তব্য ৰাখে। অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ভাষনত জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানে কয় পোষণ অভিযান বা ৰাষ্ট্ৰীয় পুষ্টি অভিযান হৈছে ভাৰত চৰকাৰৰ এক জনকল্যানমূলক কাৰ্য্যসূচী।এই অভিযান ৬ বছৰ বয়সলৈকে শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু স্তন্যপান কৰাই থকা মাতৃসকলৰ পুষ্টিগত স্থিতি উন্নত কৰাৰ বাবে আৰম্ভ কৰা অভিযান বুলি উল্লেখ কৰি থলুৱা,ঔষধি আৰু সুষম খাদ্য গ্ৰহণ কৰি স্বাস্থ্যৰ পৰিপূৰক অৱস্থালৈ উপনীত কৰোৱাৰ ক্ষেত্ৰত হিতাধীকাৰীক সজাগ কৰিবলৈ এই কাৰ্য্যসূচী গ্ৰহণ কৰা হয় বুলি বক্তব্য দাঙি ধৰে। পুষ্টিকৰ আহাৰৰ প্ৰয়োজনীয়তা বিষয়ত সাংবিধানিক প্ৰফুল্ল কামান,মাতৃদুগ্ধ আৰু পৰিপূৰক খাদ্যৰ প্ৰয়োজনীয়তা বিষয়ত জোনাই সংহত শিশু উন্নয়ন প্ৰকল্পৰ বাহিৰ জোনাই আৰু বাহিৰ চিলে চক্ৰৰ মুখ্য সেৱিকা বিমলা বসুমতাৰী, কিশোৰী সকলৰ ঋতুস্বাৱৰ পৰিস্কাৰ পৰিচন্নতা বিষয়ত ডেকাপাম আৰু মিছামৰা চক্ৰৰ মুখ্য সেৱিকা মণি বৰপাত্ৰগোঁহাইয়ে শিশু, গৰ্ভৱতী মহিলা, প্ৰসূতি সকলৰ উদ্দেশ্যি শৃংখলালদ্ধ আৰু প্ৰণালীবদ্ধভাৱে স্বাস্থ্যসন্মত দিশৰ ওপৰত ভাষন আগবঢ়ায়।অনুষ্ঠানত থলুৱা আৰু ঔষধি খাদ্যৰ প্ৰদৰ্শন কৰা হয়। সভাত জোনাই সংহত শিশু উন্নয়ন প্ৰকল্পৰ চমকং আৰু লামাজান চক্ৰৰ মুখ্য সেৱিকা শশীপ্ৰভা সোনোৱাল, জোনাই বজাৰ, কেমি জেলম্,ৰায়াং বিজয়পুৰ,লাইমেকুৰী, ছিগা,চিমেন চাপৰি আদি চক্ৰৰ মুখ্য সেৱিকা সকল,কেবাগৰাকী জীৱিকা সখী,কেবাটাও অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মী,সহায়িকা,পঞ্চায়ত প্ৰতিনিধি,শিশু, গৰ্ভৱতী মহিলা, প্ৰসূতি, অভিভাৱিকা সকল উপস্থিত থাকে।