লখিমপুৰ জিলাৰ ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি নৱাগত আদৰণী সভা অনুষ্ঠিত হয়৷ পূৱা ১০ বজাত নতুন আৰু পুৰণি ছাত্ৰ-ছাত্ৰী সকলৰ অন্তৰংগ আলাপ কাৰ্যসূচীৰে অনুষ্ঠানটোৰ আৰম্ভণি হয়৷ ১১ বজাৰ পৰা আৰম্ভ হোৱা মূল সভাখনৰ আত ধৰে বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী বন্তি বৰা আৰু উপাধ্যক্ষ ৰিপুল দত্তই৷ মূল সভাৰ আৰম্ভণিতে বিদ্যালয়খনৰ ছাত্ৰী সকলে এটি সমবেত সংগীত পৰিবেশন কৰে৷ অৱসৰী শিক্ষক,বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ সভাপতি উমাকান্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আদৰণী ভাষণ দিয়ে নৱম শ্ৰেণীৰ ছাত্ৰী ৰিমী বৰুৱাই। সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষয়িত্ৰী ক্ৰমে তুলেশ্বৰী বৰুৱা,মঞ্জু দেৱী আৰু নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক উমাকান্ত ভূঞাই। ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষয়িত্ৰী নীলাক্ষী দত্তই সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰে৷ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ একতা সভাৰ সভাপতি,জ্যেষ্ঠ শিক্ষক বলোভদ্ৰ দাসে৷ সভাত অধ্যক্ষৰ একাষাৰত সত্যৰঞ্জন বৰাই ষষ্ঠ শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ বিদ্যালয়খনত নতুনকৈ নাম ভৰ্তি কৰা ছাত্ৰ-ছাত্ৰী সকলক স্বাগতম জনোৱাৰ লগতে বিদ্যালয়খনৰ ঐতিহ্য,পৰম্পৰা সম্পৰ্কত অৱগত কৰে৷ অধ্যক্ষ গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ বিদ্যালয়ত শিক্ষকৰ ওচৰত কৰণীয়,অভিভাৱকৰ ওচৰত কৰণীয়,জ্যেষ্ঠ-কণিষ্ঠ ছাত্ৰ-ছাত্ৰীৰ ওচৰত কৰণীয় সন্দৰ্ভত মূল্যৱান পৰামৰ্শ আগবঢ়োৱাৰ উপৰি ছাত্ৰ-ছাত্ৰীৰ সমাজৰ প্ৰতি দায়বদ্ধতাৰ বিষয়েও আঙুলিয়াই দিয়ে ৷ ছাত্ৰ-ছাত্ৰী সকলক তেওঁ সপোন দেখিবলৈ আৰু সপোনৰ পম খেদিবলৈয়ো উৎসাহিত কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Cyclone Biparjoy LIVE Updates: घरों में घुसा पानी.. डूबी गाड़ियां, तूफान के बाद अब Gujarat में बाढ़?
Cyclone Biparjoy LIVE Updates: घरों में घुसा पानी.. डूबी गाड़ियां, तूफान के बाद अब Gujarat में बाढ़?
દુધધારા ડેરીના પ્રમુખ ઘનશ્યામભાઇ પટેલનું અછાલિયા ખાતે સન્માન કરવામાં આવ્યું
દુધધારા ડેરીના પ્રમુખ ઘનશ્યામભાઇ પટેલનું અછાલિયા ખાતે સન્માન કરવામાં આવ્યું
Dalai Lama की ये कहानी छिपाकर क्यों रखी गयी | Kitabwala
Dalai Lama की ये कहानी छिपाकर क्यों रखी गयी | Kitabwala
Organises country's first India Jewellery Shopping Festival to give an impetus to the jewellery industry
Organises country's first India Jewellery Shopping Festival to give an impetus to the jewellery...