খালিদ আহমেদ, মৈৰাবাৰী, ১০ ছেপ্টেম্বৰ :-

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ 'খাইৰ প্ৰকাশন'ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান 'বাটৰ কবিতা' ১০ ছেপ্টেম্বৰ শনিবাৰে বিয়লি মৈৰাবাৰী কলেজ ৰোডত 'খাইৰ প্ৰকাশন'ৰ কাৰ্যালয়ৰ সন্মুখত অতি গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। বিশিষ্ট কবি, লেখিকা ডাঃ বিজুজ জাহান চালেহা বেগমৰ সঞ্চালনাত অনুষ্ঠিত ব্যতিক্ৰমী কাব্যানুষ্ঠানত স্ব-ৰচিত কবিতা পাঠ কৰে সমাজকৰ্মী মিছিৰা বেগম, শিক্ষক ৰাজমোহন নাথ, যুৱ কবি খালিদ মহম্মদ জাকাৰীয়া হুছেইন, সংবাদকৰ্মী আৰিফ উজ জামান, যুৱ কবি মুহাম্মাদ আফজাল, কবি খাইৰুল ইছলাম, শিক্ষক জিন্নাতুল ইছলাম আৰু বিশিষ্ট কবি তথা সমাজকৰ্মী ফুলজ্যোতি গোস্বামীয়ে। লগতে বিশিষ্ট সমাজকৰ্মী তথা শিক্ষক আজহাৰ উদ্দিন আহমেদে কবিতা আবৃত্তি কৰে আৰু যুৱ কবি আশ্ৰাফুল হক আৰু ৰাজমোহন নাথে অতি মনোগ্ৰাহীকৈ গীত পৰিৱেশন কৰি কাব্যপ্ৰেমী ৰাইজক মুগ্ধ কৰে। সঞ্চালিকা ডাঃ বেগমে সুদীৰ্ঘ আঠ বছৰ ধৰি শংকৰদেৱৰ জন্মভূমিত কবিতাৰে সম্প্ৰীতিৰ বাৰ্তা বিয়পাই অহা 'বাটৰ কবিতা' অনুষ্ঠানৰ সমন্বয়কদ্বয় তথা বাটৰ কবিকুলক ভূয়সী প্ৰশংসা কৰে। তেওঁ কবিসকলৰ এনে ত্যাগ আৰু গঠনমূলক পদক্ষেপৰ ধাৰাবাহিকতা আগলৈয়ো অটুট ৰাখিবলৈ সকলোকে সহযোগিতা আগবঢ়ালৈ বিনম্ৰ আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী এম জি হাজৰিকা, জহিৰুল ইছলাম, খালিদ আহমেদ, আজহাৰ উদ্দিন, ফকৰুল ইছলাম উপস্থিত থাকে। 

তৰুণ কবিৰ প্ৰতিভা বিকাশৰ উৎকৃষ্ট ক্ষেত্ৰ এই মাহেকীয়া কাব্যানুষ্ঠানটিত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী কবিসকলে অনুষ্ঠানটিৰ যুটীয়া সমন্বয়ক ক্ৰমে খাইৰুল ইছলামক ৮৪৮৬২-৮৯৪৫৪ আৰু মুহাম্মাদ আফজালক ৯৫০৮১-৫৩৮০২ ফোন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা খাইৰ প্ৰকাশনে আহ্বান জনাইছে।