জামুগুৰিহাট, লালেটাপু ১৯৮৩ নামৰ অসমীয়া নিৰ্মিয়মান চিনেমাকখনকলৈ সম্প্ৰতি তীব্ৰ প্ৰতিৱাদ আৰম্ভ হৈছে জামুগুৰিহাটত। ১৯৮৩ চনৰ ২০ মাৰ্চত লালেটাপুত সাতজনকৈ পাহোৱাল অসমীয়া ডেকাক সন্দেহজনক নাগৰিকে হানি খুচি নৃশংসভাৱে হত্যা কৰাৰ পাচত তথা এই ঘটনাক কেন্দ্ৰ কৰি আদিত্যম শইকীয়া নামৰ যুৱকজনে নিৰ্মাণ কৰে “লালটাপু ১৯৮৩” নামৰ এখন অসমীয়া কথাছবি। সম্প্ৰতি এই কথাছৱিক লৈয়ে বিৰ্তকৰ সৃষ্টি হৈছে জামুগুৰিহাটত। আজি আদিত্যম শইকীয়াৰ এই কথাছৱিখনকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম আন্দোলনৰ সতীৰ্থ মঞ্চই। জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত অনুষ্ঠিত এক সংৱাদমেল আয়োজন কৰি অসম আন্দোলনৰ সতীৰ্থ মঞ্চৰ সভাপতি পূৰ্ণ হাজৰিকাই কয়- এই কথা ছৱিখনত ইতিহাস বিকৃত কৰা হৈছে। অতি বীভৎস দৃশ্য দেখুৱা হৈছে। ছহিদক অপমান কৰা এই কথাছবিখন বন্ধ নকৰিলে আমি আইনৰ কাষ চাপিম। সম্পাদক শৈলেন বৰকটকীয়ে কয়- লালেটাপুৰ ইতিহাস বিকৃত কৰি আদিত্যম শইকীয়াই সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিছাৰিছে। নোহোৱা নোপোজা ঘটনা ছবিখনৰ টেইলৰত দেখুৱা হৈছে। পুৰুষৰ উলংগ ফটো, মহিলাৰ উলংগ ফটো, বলাৎকাৰৰ দৃশ্য। যি ঘটনা লালেটাপুত হোৱাই নাছিল। আদিত্যম শইকীয়াৰ এই অসমীয়া চিনেমা বন্ধ নকৰিলে আমি আইনৰ আশ্ৰয় লম। সতীৰ্থ মঞ্চৰ অন্যতম বিষয়ববীয়া নলিনীৰঞ্জন ভূঞাঁই কয়- চিনেমাখনৰ নাম সলনি কৰিলেই আমি ক্ষান্ত নহওঁ। জামুগুৰিবাসী ৰাইজৰ আবেগ অনুভূতিক আঘাত হানি আদিত্যম শইকীয়াই লালেটাপু ঘটনাক বিকৃত ৰূপত প্ৰদৰ্শন কৰিছে। এই কথা আমি কেতিয়াও মানি নলও। এই কথাছৱি সম্পূৰ্ণৰূপে বন্ধ হব লাগে। বাৰেচহৰীয়া ভাওনা কমিটিৰ কাৰ্যকৰী সভাপতি ভৱ গোস্বামীয়ে কয়-জামুগুৰিহাটৰ ইতিহাস আমি কেতিয়াও বিকৃত হবলৈ নিদিও। সামাজিক, সাংস্কৃতিকভাৱে চহকী এই জামুগুৰিহাটৰ মান-সন্মান আমি কেতিয়াও লাঘৱ হ'বলৈ দিব নোৱাৰো। সম্পূৰ্ণ মনেসজা কাহিনীৰে এই চিনেমা নিৰ্মাণ কৰিছে। আমি এই চিনেমা নিষিদ্ধ হোৱাটো বিচাৰিছোঁ। জামুগুৰি সহিত্য সভাৰ সভাপতি জ্যোতি ভট্টাচাৰ্যই ১৯৮৩ চনৰ লালেটাপুৰ ঘটনাক বিকৃত কৰা তথা ইতিহাস সলনি কৰি পেলোবা আদিত্যম শইকীয়াক তীব্ৰ গৰিহনা দিয়াৰ লগতে এই চিনেমাৰ নাম সলনিয়েই নহয় এই চিনেমাৰ কাহিনী মচি পেলাবলৈ প্ৰযোজক গৰাকীক আহ্বান জনাই। অন্যথা আইনৰ আশ্ৰয় লম বুলিও মন্তব্য কৰে জ্যোতি ভট্টাচাৰ্যই। সংৱাদমেলখনত অংশগ্ৰহণ কৰি শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে কয়- আদিত্যম শইকীয়াই অসম আন্দোলনক অপমান কৰিছে। শ্বহীদ সকলক অপমান কৰিছে। লালেটাপুৰ ঘটনাক বিকৃত কৰি অতি বীভৎস ৰূপত নিৰ্মাণ কৰা লালেটাপু ১৯৮৩ নামৰ ছবিখন চিৰদিনৰ কাৰণে নিষিদ্ধ কৰিব লাগে। অন্যথা আমি জামুগুৰি ৰাইজৰ সহযোগত কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ঐতিহাসিক মাধ্যম আন্দোলনৰ ৫০ বছৰ
ঐতিহাসিক মাধ্যম আন্দোলনৰ ৫০ বছৰ।
ডুমডুমাৰ গান্ধী মূৰ্তিৰ প্ৰাংগণত বন্তি প্ৰজ্বলন ডুমডুমা...
सुरक्षा संबंधों को और मजबूत बनाएंगे भारत और ब्रिटेन, ब्रिटिश विदेश मंत्री डेविड लैमी ने की PM Modi और जयशंकर से मुलाकात
नई दिल्ली। ब्रिटेन में लेबर पार्टी की सरकार बनने के बाद भारत के साथ इसके रिश्तों को...
ડીસામાં આદર્શ હાઇસ્કુલ પાછળ વર્ષોથી લોકોએ કરેલા દબાણો દૂર કરવા પહોંચેલી નગરપાલિકાની ટીમનો વિરોધ
ડીસામાં આદર્શ હાઇસ્કુલ પાછળ વર્ષોથી લોકોએ કરેલા દબાણો દૂર કરવા પહોંચેલી નગરપાલિકાની ટીમનો વિરોધ
મારમારી ના ગુના ના Wanted આરોપી ને પકડી પાડતી પોલીસ
મારમારી ના ગુના ના Wanted આરોપી ને પકડી પાડતી પોલીસ
Breaking News: डिजिटल अरेस्ट और साइबर अपराध को लेकर हाई लेवल कमेटी गठित | Aaj Tak Hindi News
Breaking News: डिजिटल अरेस्ट और साइबर अपराध को लेकर हाई लेवल कमेटी गठित | Aaj Tak Hindi News