১৯৯০ চনতে অইল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতাৰ আঁচনিৰ অধীনত মৰাণত স্থাপন কৰা অঞ্চলটোৰ গুণগত শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান মৰাণ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খন পৰ্যায়ক্ৰমে বন্ধ কৰাৰ ষড়যন্ত্ৰত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো লিপ্ত হৈছে বুলি অভিযোগ উঠিছে৷ বহু দৰিদ্ৰ ঘৰৰ সন্তানে বিনামূলীয়াকৈ বিজ্ঞানৰ শিক্ষা লাভ কৰি উপকৃত হৈ অহাৰ পাচতো ২০০৪ চনত ষড়যন্ত্ৰমূলকভাৱে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখা বন্ধ কৰি অঞ্চলটোৰ সম্ভাৱনাপূৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ ব্যাপক ক্ষতি সাধন কৰিলে অইলে৷ বহু ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখা বন্ধ কৰাৰ বিৰুদ্ধে জনমত গঠন কৰে যদিও তিলমানো গুৰুত্ব প্ৰদান নকৰিলে অইল ইণ্ডিয়াই৷ পৰৱৰ্তী পৰ্যায়ত বিদ্যালয়খন কেন্দ্ৰীয় বৰ্ডৰ অধীনলৈ নিয়া হ’ব বুলিও একাংশ দল-সংগঠনক সৈমান কৰাইছিল৷ কিন্তু অতি পৰিকল্পিতভাৱে পুনৰ পৰ্যায় ক্ৰমে স্কুলখন বন্ধ কৰাৰ ষড়যন্ত্ৰ চলিছে বুলিও অভিযোগ উত্থাপন হৈছে৷ অভিভাৱক-অভিভাৱিকা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পৰা জানিব পৰা মতে, যোৱা ১ ছেপ্টেম্বৰৰ পৰা অইল ইণ্ডিয়াই স্কুল বাচ বন্ধ কৰি দিছে৷ ফলত দাঁতি কাষৰীয়া ঠাইৰ পৰা ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ আহিব পৰা নাই৷ একাংশই চাইকেল বা আন বাহনত আহিছে যদিও জটিল সমস্যাৰ সন্মুখীন হৈছে শিক্ষাৰ্থীসকল৷ উল্লেখ্য যে, ইতিপূৰ্বেও এনেদৰে স্কুল বাচ বন্ধ কৰাৰ উদাহৰণ আছে যদিও ‘আছু’কে ধৰি আন আন দল-সংগঠনৰ হেঁচাত পুনৰ চলাচল কৰাবলৈ বাধ্য হৈছিল৷ কিন্তু এইবাৰ মৰাণৰ সকলো দল-সংগঠন গভীৰ নিদ্ৰাত৷ কাৰণ বিগত  দহটা দিনে স্কুল বাচ বন্ধ হৈ থকাৰ পাচতো ছাত্ৰ-ছাত্ৰীসকলৰ হৈ মাত মাতিবৰ বাবে তেখেতসকলৰ সময় নাই৷ অভিযোগ অনুসৰি স্কুল বাচ বন্ধ কৰিলে যাতায়তৰ অসুবিধাৰ বাবে  কোনো নতুন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষানুষ্ঠানখনত নাম ভৰ্তি নকৰিব আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলো যাতায়তৰ সমস্যাত পৰি স্কুল এৰিবলৈ বা সলনি কৰিবলৈ বাধ্য হ’ব৷ এনে ধৰণৰ ষড়যন্ত্ৰৰে পৰ্যায়ক্ৰমে অঞ্চলটোৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান বন্ধ কৰাৰ পৰিকল্পনা কৰিছে অইল ইণ্ডিয়াই৷ ইফালে আন এক অভিযোগ অনুসৰি পূৰ্বতে দিনটোত কেইবাবাৰো বজাৰ বাচ চলাচল কৰিছিল যদিও বিগত কিছু দিনৰ পৰা এই সুবিধাও সংকোচিত কৰি কোম্পানীটোৱে নিজৰ কৰ্মচাৰীসকলৰ স্বাৰ্থৰ পৰিপন্থী কাম-কাজত লিপ্ত হৈছে । উল্লেখ্য যে, বৃহত্তৰ মৰাণ অঞ্চলৰ পৰা সুদীৰ্ঘ কাল ধৰি অইল ইণ্ডিয়া লিমিটেডে তেল আৰু গেছ উৎপাদন কৰি কোটি কোটি টকা আয় কৰি আহিছে যদিও তাৰ বিপৰীতে অঞ্চলটোৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত এই শিক্ষানুষ্ঠানখন স্থাপনৰ বাদে আন কোনো উল্লেখযোগ্য অৱদান আগবঢ়োৱা ৰাইজৰ দৃষ্টিত নপৰে৷ কেৱল মাত্ৰ জনসাধাৰণক সৰু সৰু আঁচনি ৰূপায়ণ কৰি সামাজিক দ্বায়বদ্ধতা পালন কৰি অহা বুলি আভুৱা ভাঁৰি আহিছে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৱে৷ এতিয়া, স্কুল বাচ বন্ধ কৰি ছাত্ৰ-ছাত্ৰীক হাৰাশাস্তি কৰা অইল ইণ্ডিয়াৰ এনে থলুৱা বিৰোধী কাৰ্য-কলাপৰ বিৰুদ্ধে ‘আছু’, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে আদি কৰি স্থানীয় জাতীয়-জনগোষ্ঠীয় সংগঠনবোৰে কি ভূমিকা ল’ব সেয়াহে ৷ আনহাতে, শিক্ষানুষ্ঠানখনৰ সুৰক্ষাৰ স্বাৰ্থত সকলোকে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনাইছে মৰাণৰ বৌদ্ধিক সমাজ৷