গোলাঘাটত তীব্ৰ বেগী ৰেলৰ খুন্দাত মৃত্যু এজন যুৱক।

 আজি গোলাঘাটৰ ৰেল ষ্টেছনত এটি মৰ্মান্তিক ঘটনা সংঘটিত হয়। এজন যুৱকে ৰেল লাইন পাৰ হবলৈ চেষ্টা কৰোতে ফৰকাটিং জংচনৰ পৰা যোৰহাট দিশে তীব্ৰ বেগত অহা ট্ৰেইনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় যুৱকজন।

ৰেলৱে পুলিচে ততাতৈয়াকৈ গোলাঘাট শ্বহীদ কুশ কোঁৱৰ চিভিল হস্পিটালত ভৰ্তি কৰায় যদিও ডক্তৰে মৃত বুলি ঘোষণা কৰে। 

বৰ্তমানে যুৱকজনক চিনাক্ত কৰিব পৰা নাই। উল্লেখ্য যে উক্ত বিশেষ ৰেলখনে ৰেলৱে বিভাগৰ উচ্চ পৰ্যায় বিষয়া কঢ়িয়াই নিয়া বুলি ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ