*মাজুলীত জলসিঞ্চন বিভাগৰ হেমাহিৰ বাবেই বহু মূল্যবান আঁচনি পৰিত্যক্ত অৱস্থাত আছে*
উজনি মাজুলীৰ শ্ৰীৰাম গাওঁ পঞ্চায়তৰ অন্তৰ্গত নৱৰতনপুৰ গাঁৱত অৱস্থিত পথাৰত পানী যোগান ধৰা এইটো এটা জলসিঞ্চন বিভাগৰ পানীকল।
যিটো আজি বছৰ বছৰ ধৰি এনেদৰেই অচল হৈ আছে!
য'ত সমূহ গাঁও বাসী এই লাখ টকীয়া আঁচনি টোৰ পৰা বঞ্চিত থাকিব লগাত পৰিছে।
কৃষক সকলে যথোপযুক্ত পানীৰ অভাৱত বিভিন্ন খেতি কৰিবলৈ অপাৰগ হৈছে, ইয়াৰ ফলত এই অঞ্চলত বাস কৰা কৃষি জীবি জনসাধাৰণ অৰ্থনৈতিক ভাৱে পিছ পৰি ৰোৱাত হতাশাত দিন কটাব লগাত পৰিছে।
জলসিঞ্চন বিভাগৰ হেমাহিৰ ফলত আজি এই বহু মূল্যবান আঁচনিটো পৰিত্যক্ত অৱস্থাত আছে।
সেয়েহে এই বৃহত্তৰ অঞ্চল বাসী ৰাইজে পানী কল টো অতিশিঘ্ৰেই মেৰামতি কৰি পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ জলসিঞ্চন বিভাগলৈ তথা চৰকাৰলৈ দাবী জনাইছে।।