উজনী মাজুলীৰ একমাত্ৰ আৰ্দশ চিকিৎসালয় মৰণফান্দত পৰিণত

উজনী মাজুলীৰ বৃহৎ ৰাইজৰ চিকিৎসা সেৱা সুচল কৰাৰ বাবে ২০১৯চনত শুভাৰম্ভ কৰা জেংৰাইমুখ আৰ্দশ চিকিৎসালয়খন নিৰ্মানৰ ৩ বৰ্ষৰতেই চিকিৎসালয়ৰ কোঠাৰ দেৱালত মেলিছে বৃহৎ ফাঁট ! ২০১৯চনৰ উজনী মাজুলীৰ লগতে লক্ষীমপুৰ , ঢকুৱাখনাৰ বৃহৎ ৰাইজৰ সেৱাৰ্থে তেতিয়াৰ মূখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোনোৱালৰ লগতে তেতিয়াৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ূয হাজৰীকাই মুকলি কৰিছিল এইখন আৰ্দশ চিকিৎসালয় ! নিৰ্মানৰ ৩বৰ্ষতেই জহি খহি যোৱাৰ উপক্ৰম হৈছে এইখন আৰ্দশ চিকিৎসালয় ! তদুপৰি আৰ্দশ চিকিৎসালয় হোৱাৰ পিছতো আজিলৈকে নহ'ল উন্নত মানদণ্ডৰ চিকিৎসক -চিকিৎসাকৰ্মী তাৰো উপৰিও ৰোগীৰ সম্পূৰ্ণ চিকিৎসাৰ বাবে নাই উন্নত চিকিৎসা সঁজুলী ! এতিয়া মাজুলীৰ দল সংগঠনৰ লগতে স্থানীয় ৰাইজে চৰকাৰ তথা জিলা প্ৰশাসনক দাবী তুলিছে যে এইখন আৰ্দশ চিকিৎসালয় খন পুনৰ মেৰামতি কৰি সম্পূৰ্ণ চিকিৎসা ব্যৱস্থা প্ৰদানৰ দাবী তুলিছে !